কোকৰাঝাৰত ডাইনী সন্দৰ্ভত সজাগতা সভা

 08/12/2019 - 13:37

কোকৰাঝাৰঃ কোকৰাঝাৰ জিলাৰ জোৰনাগ্ৰা গাঁৱৰ ডাইনীকাণ্ডই ৰাজ্যজুৰি ব্যাপক চাঞ্চল্য সৃষ্টি কৰাৰ পিছত দেওবাৰে জিলা প্ৰশাসনৰ উদ্যোগত এক সজাগতা সভা অনুষ্ঠিত হয়। জোৰনাগ্ৰা প্ৰথমখণ্ড গাঁৱৰ ভদ্ৰেশ্বৰ ৰাভাৰ পৰিয়ালক ডাইনী সন্দেহত গাঁও ত্যাগৰ নিৰ্দেশ দিয়াত ব্যাপক চাঞ্চল্যৰ সৃষ্টি হোৱাৰ পিছত আৰক্ষীয়ে চৰকাৰী গাঁওবুঢ়াকে ধৰি ছজনকৈ লোকক আটক কৰাৰ পিছত জোৰনাগ্ৰা গাঁৱত ডাইনী সন্দৰ্ভত অনুষ্ঠিত হোৱা সজাগতা সভাত গাঁৱৰ বহুসংখ্যক সাধাৰণ ৰাইজে অংশগ্ৰহণ কৰে।

কোকৰাঝাৰ জিলা প্ৰশাসন আৰু আৰক্ষীয়ে যৌথভাৱে অনুষ্ঠিত কৰা উক্ত সজাগতা সভাত কোকৰাঝাৰ ৰাজহ চক্ৰ বিষয়া দীপন বৰ্মন, কোকৰাঝাৰ জিলাৰ অতিৰিক্ত আৰক্ষী বিষয়া ৰজী ৰাণী শৰ্মা, আবৌফ আৰু চি ডব্লিউ চিৰ একাংশ সদস্য উপস্থিত থাকি ডাইনী প্ৰথা যে মাথো অন্ধবিশ্বাস আৰু কুসংস্কাৰ সেয়া ৰাইজক বুজাই দিয়াৰ লগতে আইনী দিশ সম্পৰ্কেও বাখ্যা কৰে। ইপিনে ভদ্ৰেশ্বৰ ৰাভাৰ পৰিয়ালক ডাইনী সন্দেহত যি গাঁও ত্যাগৰ নিৰ্দেশ দিছিল সেয়া গাঁওবাসীয়ে প্ৰত্যাহাৰ কৰে আৰু ভদ্ৰেশ্বৰ ৰাভাক আঁকোৱালি লোৱাত সকলোৱে স্বস্তিৰ নিশ্বাস এৰিছে।

উল্লেখ্য যে কোকৰাঝাৰ জিলাৰ জোৰনাগ্ৰা গাঁৱৰ ভদ্ৰেশ্বৰ ৰাভাক গাঁওবাসীয়ে ডাইনী সজাই এসপ্তাহৰ ভিতৰত গাঁও এৰাৰ নিৰ্দেশ দিয়াৰ বাতৰি সম্প্ৰচাৰ হোৱাৰ পিছতে ব্যাপক চাঞ্চল্যৰ সৃষ্টি হৈছিল। জংঘলত পূজা কৰা বুলি মিছা অপবাদ দি ভদ্ৰেশ্বৰ ৰাভাক গাঁওত্যাগ কৰাৰ নিৰ্দেশনা দিয়াত উপায়হীনতাত পৰি তেওঁ গাঁওত্যাগ কৰাৰ প্ৰস্তুতি হিচাপে সম্পত্তি পৰ্যন্ত বিক্ৰী কৰা আৰম্ভ কৰিছিল।

কোকৰাঝাৰ আৰক্ষীয়ে সমগ্ৰ ঘটনাৰ বিষয়ে অৱগত হৈ ভদ্ৰেশ্বৰ ৰাভাক ডাইনী আখ্যা দিয়া কাৰ্যৰ সতে জড়িত ছয় গৰাকী ব্যাক্তি ক্ৰমে কৰাম ৰাভৰ(৫৫), কেৰেং ৰাভা(৪০), লংগা ৰাভা(২৮), নিতাই ৰাভা(৪০), সমেশ্বৰ ৰাভা(৬০) আৰু পুৰন্দৰ ৰাভা(৬৫)ক আটক কৰি জেল হাজোতলৈ প্ৰেৰণ কৰে৷

লক্ষণীয়ভাৱে আটকাধীন সমেশ্বৰ ৰাভা চৰকাৰী গাঁওবুঢ়া হোৱাৰ বিপৰীতে পুৰন্দৰ ৰাভা ভিডিপিৰ সম্পাদক আৰু তেওঁলোকেই ডাইনী কাণ্ড ঘটনাৰ সতে জড়িত বুলি প্ৰকাশ পোৱাৰ পিছত আন এক চাঞ্চল্যৰ সৃষ্টি হৈছিল। ঘটনা সন্দৰ্ভত কোকৰাঝাৰ থানাত ভাৰতীয় দণ্ডবিধি আইনৰ অধীনত ইউ/এছ-৪১(১)(২)/৭/৯(২)/১০/১১ ধাৰাৰ অধীনত ৰজু হোৱা গোচৰ (নং ৩৮২/২০১৯)ৰ ভিত্তিত ইতিমধ্যে আৰক্ষীয়ে জেল হাজোতলৈ প্ৰেৰণ কৰিছে। এহাতে আইনী প্ৰক্ৰিয়া আৰু আনহাতে প্ৰশাসনৰ উদ্যোগত অনুষ্ঠিত হোৱা সজাগতা সভাই জোৰনাগ্ৰা গাঁৱৰ একাংশ ব্যক্তিৰ মনৰ মাজৰ পৰা অন্ধবিশ্বাস কেনেদৰে আঁতৰাব পাৰে সেয়া লক্ষণীয় হ’ব।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।