কাকপথাৰঃ আজি ইছলাম ধৰ্মাৱলম্বী লোকসকলে পালন কৰিছে পবিত্ৰ ঈদ-উজ-জোহা৷ অসমৰ ভিন্ন প্ৰান্তৰ লগতে কাকপথাৰ, ডুমডুমা, ৰূপাইতো আজি শৃংখলাবদ্ধ আৰু শান্তিৰে পবিত্ৰ ঈদ উদযাপন কৰিছে ইছলাম ধৰ্মৰ লোকসকলে৷ আৰু এই পবিত্ৰ ঈদৰ দিনা ডুমডুমাৰ ৰূপাইস্থিত মছজিদ সমিতিয়ে হাতত লৈছে কিছু ব্যতিক্ৰমী পদক্ষেপ৷
মছজিদ সমিতিয়ে জানিবলৈ দিয়ে যে তেওঁলোকে ৰূপাই মছজিদ সমিতিৰ তৰফৰ পৰা পঞ্চাশ হাজাৰ টকাৰ লগতে আজি ঈদৰ সমূহীয়া নামাজৰ পাছত যি টকা সংগ্ৰহ হ’ব সেই টকাও মুখ্যমন্ত্ৰীৰ বান সাহায্য পুঁজিলৈ বানাক্ৰান্তসকলৰ বাবে আগবঢ়াব৷ লগতে জানিবলৈ দিয়ে যে তেওঁলোকে আগন্তুক স্বাধীনতা দিৱসৰ দিনা ৰূপাই মছজিদত পুৱা ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰিব৷ গতিকে সমূহ ৰাইজক উক্ত দিনা ৰূপাইৰ মছজিদত উপস্থিত থাকি তেওঁলোকক সহযোগ আগবঢ়াবলৈ অনুৰোধ জনায়৷ তেওঁলোকৰ এই মহান পদক্ষেপক শলাগ লৈছে ৰূপাইৰ লগতে ডুমডুমাবাসীয়ে৷