কাকপথাৰঃ তিনিচুকীয়া জিলাখনৰ চাহ নগৰী নামেৰে খ্যাত ডুমডুমাৰ "ৱাৰেন চাহ কোম্পেনী"ৰ অধীনৰ "ৰূপাই চাহ বাগিছা"ত নিশা কোনো দুৰ্বৃত্তই প্ৰায় দুশৰো অধিক চাহ গছ কাটি থৈ যোৱা ঘটনাটোৱে তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে অঞ্চলটোত৷ জানিব পৰা মতে সোমবাৰৰ নিশা দুৰ্বৃত্তৰ এটা বৃহৎ দলে কেঁচা চাহপাত চোৰ কৰাৰ উদ্দেশ্যে প্ৰৱেশ কৰিছিল বাগিছাখনত৷ উক্ত দলটোৱে বাগিছাখনৰ নৈশ চকীদাৰ সৈতে বাক বিতণ্ডাত লিপ্ত হয়৷ বাগিছাখনৰ নৈশ চকীদাৰে দুৰ্বৃত্তৰ দলটোক কেঁচা চাহপাত চোৰ কৰা কাৰ্যৰ পৰা বাধা দিবলৈ চেষ্টা কৰে আৰু বাগিছা কৰ্তৃপক্ষক উক্ত বিষয়টোৰ সন্দৰ্ভত অৱগত কৰে৷
ততাতৈয়াকৈ বাগিছা কৰ্তৃপক্ষই আৰক্ষী প্ৰশাসনক খবৰ দিয়াত আৰক্ষীৰ লোক ঘটনাস্থলীত আহি উপস্থিত হোৱাৰ আগমুহূৰ্তত দুৰ্বৃত্তৰ দলটো তাৰ পৰা আঁতৰি যায়। কিন্তু পুনৰ আৰক্ষীৰ লোক আঁতৰি যোৱাৰ পাছত নিশা আন্ধাৰৰ সুযোগ গ্ৰহণ কৰি বাগিছাখনৰ ১ নং চেক্টৰৰ প্ৰায় দুশৰো অধিক চাহ গছ কাটি তহিলং কৰি পলাই যায়৷ এই ঘটনাটোৰ সন্দৰ্ভত ক্ষোভ প্ৰকাশ কৰিছে বাগিছাৰ মজদুৰসকলৰ লগতে আটছাই৷ আটছাৰ বিষয়ববীয়াই জানিবলৈ দিয়ে যে অতি শীঘ্ৰে তেওঁলোকে দীঘলতৰঙৰ পৰা আৰম্ভ কৰি টিপুক চাহ বাগিছালৈকে যিমান চাহ বাগিছা আছে সকলোবোৰ বাগিছাত একোখনকৈ সভা আহ্বান কৰিব আৰু এনে ধৰনৰ দূষ্কৃতিকাৰীসকলৰ বিৰুদ্ধে আন্দোলনৰ কাৰ্যসূচী গ্ৰহণ কৰিব৷
উল্লেখ্য যে উক্ত বাগিছা অঞ্চলবোৰত দিনক দিনে বাঢ়িব ধৰিছে কেঁচা চাহ পাত চুৰিকে ধৰি বিভিন্ন ধৰণৰ অনৈতিক কাৰ্য৷ বিভিন্ন সময়ত কেঁচা চাহপাত চোৰৰ দলৰ সৈতে সংঘাত লিপ্ত হৈ বাগিছাৰ লোক গুৰুতৰভাৱে আহত হোৱাৰ উপৰি মৃত্যুৰ মুখত পৰাৰ খবৰো শুনিবলৈ পোৱা যায়৷ প্ৰশাসনে এনেধৰণৰ দুষ্কাৰ্য্যসমূহ ৰোধ কৰিবলৈ সক্ষম হ’বনে? দুষ্কৃতিকাৰীসকলক কৰায়ত্ত কৰিবলৈ সক্ষম হ’বনে? চাহ জনজাতিৰ লোকসকলক নিৰাপত্তা প্ৰদান কৰাত প্ৰশাসনৰ লগতে ৰাজ্য চৰকাৰ সফল হ’বনে সেইয়া লক্ষ্যণীয় হ’ব৷