দেৰগাঁওঃ দেৰগাঁৱত অৱস্থিত ভাষাৰ ওজা হেমচন্দ্ৰ বৰুৱাৰ স্মৃতিসৌধ বৰ্তমান চৰম অৱহেলিত। দেৰগাঁও নগৰৰ ২ নং ৱাৰ্ডৰ ৰাজখোৱা চুকত ২০১১ চনত নিৰ্মাণ কৰা স্মৃতিসৌধতো বৰ্তমান হাবি জংঘলেৰে ভৰি পৰাৰ উপৰি কিছু কিছু অংশ ভাগিচিগি যোৱা পৰিলক্ষিত হৈছে। ভাষাৰ ওজা দেৰগাঁৱৰ গৌৰৱ হেমচন্দ্ৰ বৰুৱা নিজ ভূমিৰ কাষতেই নিৰ্মিত এই স্মৃতিসৌধটিৰ ৰক্ষনাবেক্ষন দিবলৈ বা চোৱাচিতা কৰিবলৈ অসম সাহিত্য সভাৰ দৰে জাতীয় অনুষ্ঠানৰো বৰ্তমান আহৰি নাই।
অৱশ্যে এগৰাকী সুহৃদ ব্যক্তিয়ে এগচি বন্তি প্ৰজ্বলন কৰি প্ৰতিদিনে শ্ৰদ্ধা নিবেদন কৰি আহিছে। অসম সাহিত্য সভাৰ দেৰগাঁও অধিবেশনৰ লগত সংগতি ৰাখি দেৰগাঁও সমষ্টিৰ সেই সময়ৰ বিধায়িকা সুশীলা হাজৰিকাৰ সমষ্টি উন্নয়ন পুঁজিৰ কেইবা লাখ টকা খৰছেৰে নিৰ্মান হৈছিল এই স্মৃতিসৌধটিৰ। সমান্তৰালকৈ চোৱাচিতাৰ অভাৱত চৰম অবহেলিত অৱস্থাটোৱে ভাষাৰ ওজাগৰাকীক অৱহেলা কৰাৰ লগতে দেৰগাঁওবাসীক লজ্জানত কৰিছে বুলি সচেতন মহলে ক্ষোভ প্ৰকাশ কৰিছে।