08/13/2019 - 14:54
in
গহপুৰঃ গহপুৰৰ বৰঙাবাৰীস্থিত মৰ্নিং ষ্টাৰ হাইস্কুলৰ ব্যতিক্ৰমী পদক্ষেপ। ৭৩ সংখ্যক স্বাধীনতা দিৱস উপলক্ষে মৰ্নিং ষ্টাৰ হাইস্কুলৰ ছাত্ৰ-ছাত্ৰী আৰু শিক্ষক-শিক্ষয়িত্ৰীসকলে পৰিস্কাৰ কৰিলে ৪২ৰ শ্বহীদ মুকুন্দ কাকতিৰ প্ৰতিমূৰ্তি স্থলীৰ চৌহদ। ঘাঁহিগাঁও চেণ্টাৰত ১৫নং ৰাষ্ট্ৰীয় ঘাইপথৰ কাষতে থকা শ্বহীদগৰাকীৰ আৱক্ষ মূৰ্তি স্থলীৰ চৌপাশ আৱৰ্জনাৰে ভৰি কদৰ্যময় হৈ পৰিছিল।
১৫ আগষ্টৰ দিনটোত শ্বহীদগৰাকীৰ প্ৰতিমূৰ্তিত শ্ৰদ্ধাঞ্জলি জ্ঞাপনৰ বাবে বিভিন্ন দল-সংগঠনৰ লোক অহাৰ প্ৰতি লক্ষ্য ৰাখি সোমবাৰে পুৱা বিদ্যালয়খনৰ ছাত্ৰ-ছাত্ৰী, অধ্যক্ষ, সঞ্চালক আৰু শিক্ষক-শিক্ষয়িত্ৰীসকলে চৌপাশে থকা আবৰ্জনাসমূহ পৰিস্কাৰ কৰে। স্বাধীনতা দিৱসৰ প্ৰাকক্ষনত এখন ব্যক্তিগত খণ্ডৰ বিদ্যালয়ে গ্ৰহণ কৰা পদক্ষেপৰ শলাগ লৈছে ৰাইজে।