08/14/2019 - 13:16
in
বটদ্ৰৱাঃ নগাঁও জিলা প্ৰশাসনৰ, বটদ্ৰৱা থান পৰিচালনা সমিতিৰ উদ্যোগত আৰু বটবৃক্ষ নামৰ এটি আৰ্থ-সামাজিক সংগঠনৰ সহযোগত মঙলবাৰে বটদ্ৰৱা থান প্ৰাংগনত স্বচ্ছ ভাৰত অভিযান আৰু গছপুলি ৰোপণৰ কাৰ্যসূচী সম্পন্ন হয়। পুৱা বটদ্ৰৱা থানৰ আকাশী গংগাৰ তীৰত এই স্বচ্ছ ভাৰত অভিযান আৰু গছপুলি ৰোপণ কাৰ্যসূচীৰ শুভাৰম্ভ কৰে বটদ্ৰৱা বিধান সভা সমষ্টিৰ বিধায়িকা আঙুৰলতা ডেকাই।
পৰিচালনা সমিতিৰ সাধাৰণ সম্পাদক ইন্দ্ৰমোহন বৰুৱাই আঁত ধৰা অনুষ্ঠানটিত বিধায়িকা আঙুৰলতা ডেকাই নগাঁও জিলাৰ অতিৰিক্ত উপায়ুক্ত অনন্ত গগৈকে প্ৰমুখ্য কৰি ভকত বৈষ্ণৱসকলৰ সৈতে হাতত ঝাৰু লৈ থান চৌহদত চাফাই অভিযান চলায়। ইয়াৰ পাছত বিধায়িকা আহুৰলতা ডেকাই আকাশী গংগাৰ তীৰত ফল-মূূলৰ গছপুুলি ৰোপণ কাৰ্যসূচী সম্পন্ন কৰে।