প্ৰেমৰ পৰিণতিঃ চিপ লৈ আত্মহত্যা প্ৰেমিকাৰ

 08/14/2019 - 13:25

খাৰুপেটীয়াঃ ওদালগুৰি জিলাৰ অন্তৰ্গত ৰাণীপুখুৰী ভি চি ডি চিৰ ভূলিচোবা গাঁৱত এগৰাকী কিশোৰীয়ে আত্মহত্যা কৰে। গাঁওখনৰ সোমৰ আলীৰ কন্যা ছাবিনা ইয়াছমিনে (১৪) মঙলবাৰে আবেলি নিজ ঘৰত চিপ লৈ আত্মহত্যা কৰে। কিশোৰীগৰাকীয়ে আত্মহত্যা কৰাৰ আগতে এখন ছুইচাইদ নোট লিখি থৈ যায়।

ছুইচাইদ নোটত হানিফ আলী নামৰ এজন ল’ৰাৰ লগত প্ৰেমৰ সম্পৰ্ক থকা বুলি উল্লেখ আছে। জানিব পৰা মতে ছোৱালীজনীক পৰিয়ালৰ লোকে গোপনে বেলেগ ল’ৰাৰ লগত বিবাহ দিবলৈ জো-যা চলাই আছিল। সেই কথা জানিব পাৰি ডিঙিত চিপ লৈ আত্মহত্যা কৰে ১৪ বছৰীয়া কিশোৰীগৰাকীয়ে। এই ঘটনাই ৰাণী পুখুৰী অঞ্চলত প্ৰতিক্ৰিয়া সৃষ্টি কৰিছে।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।