গহপুৰঃ গহপুৰৰ দক্ষিণাঞ্চলৰ সদাব্যস্ত এটা গড়কাপ্টানি পথৰ দুৰাৱস্থা। খাৰৈপৰীয়া গাঁও পঞ্চায়তৰ বেলগুৰিৰ পৰা ৰাওনামুখ গাঁও পঞ্চায়ত সংযোগী একমাত্ৰ গড়কাপ্টানি পথটোৱেদি অতি দুৰ্বিসহ যাতায়াত বৃহত্তৰ অঞ্চলবাসীৰ। এজাক বৰষুণ দিলেই বিধ্বস্ত পথটোৰ অধিকাংশ ঠাই পুখুৰীসদৃশ হৈ পৰাত পথটো পৰ্যবসিত হৈ পৰে মৰণফাণ্ডলৈ। গড়কাপ্টানি পথটো মেৰামতিৰ নামত পেলোৱা প্ৰকাণ্ড প্ৰকাণ্ড বোল্ডাৰৰ বাবে ভয়ংকৰ বিপদৰ সন্মুখীন হয় যান-বাহন চালকৰ লগতে পথচাৰীসকল।
ৰাওনামুখ গাঁও পঞ্চায়তৰ সমূহ গাঁৱৰ ৰাইজৰ একমাত্ৰ যাতায়াতৰ একমাত্ৰ পথটো নিৰ্মাণ কৰাৰ ক্ষেত্ৰত ১৫ বছৰৰ কংগ্ৰেছ চৰকাৰৰ বিধায়ক-বিধায়িকাই যি অৱহেলা কৰিলে ঠিক সেইদৰে পৰিৱৰ্তনকামী চৰকাৰৰ বিধায়কেও চকু মুদা কুলিৰ ভাওত অৱতীৰ্ণ হৈছে। গহপুৰ সমষ্টিৰ অধিকাংশ গড়কাপ্টানি পথ নিৰ্মাণৰ পুঁজি আৱণ্টন হোৱাৰ লগতে নিৰ্মাণৰ কাম চলি আছে যদিও বেলগুৰিৰ পৰা ৰাওনামুখ সংযোগী পথটোৰ ক্ষেত্ৰত চৰকাৰৰ কিয় মাহীআইৰ দৃষ্টি সেইয়া ৰহস্যৰ আবৰ্তত। যাতায়াতৰ ক্ষেত্ৰত চৰম দু্ৰ্ভোগ ভূগি অহা ৰাইজৰ আহ্বান 'আমাক কোনো চৰকাৰী সা-সুবিধা নালাগে, আমাৰ অহা-যোৱা পথটোহে ভালকে বনাই দিব লাগে'।