08/14/2019 - 15:27
in
ছয়গাঁওঃ কামৰূপ জিলাৰ ছয়গাঁও আচলপাৰা কাণ্ডৰ মূল অভিযুক্ত এজনক আজি পুৱতি নিশা গ্ৰেপ্তাৰ কৰে আৰক্ষীয়ে। ছয়গাঁও আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে কানহাৰা গাঁৱৰ নৌচাদ আলী(২৯)ক। ৭ জুনত বকোৰ পৰা নৃত্য কৰিবলৈ যোৱা শিল্পী দল দুটাক নিৰ্যাতন চলোৱাৰ অভিযোগত ৫২৯/১৯ নম্বৰ কেচ মৰ্মে গ্ৰেপ্তাৰ কৰা হয় নৌচাদ আলীক।
উলংগ নৃত্য কৰিবলৈ হেঁচা প্ৰয়োগ কৰিছিল একাংশ দুৰ্বৃত্তই। ইতিমধ্যে ১১ জন লোকক গ্ৰেপ্তাৰ কৰিছে ছয়গাঁও আৰক্ষীয়ে। এতিয়াও বহুকেইজন আৰক্ষীৰ জালত পৰিবলৈ বাকী আছে। নৌচাদ আলীয়েও দুমাহ ধৰি বেংগালুৰুত পলাই আছিল।