লখিমপুৰত এনএইচপিচিৰ বিৰুদ্ধে প্ৰতিবাদ এজেৱাইচিপিৰ

 08/14/2019 - 15:35

লখিমপুৰঃ দল-সংগঠন আৰু উত্তৰপৰীয়া লোকৰ মতামতক উপেক্ষা কৰি দ্ৰুতগতিত চলিছে ২ হেজাৰ মেগাৱট সম্পন্ন নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্পৰ কাম৷ নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্পৰ বিৰুদ্ধে লখিমপুৰ আৰু ধেমাজিত অব্যাহত আছে ধাৰাবাহিক প্ৰতিবাদ৷ অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে শনিবাৰৰ পৰা আৰম্ভ কৰিছিল এনএইচপিচিৰ বিৰুদ্ধে ১০০ ঘণ্টীয়া নিৰ্মাণ সামগ্ৰী অৱৰোধৰ কাৰ্যসূচী৷ ধেমাজি জিলাৰ গোগামুখ-গেৰুকামুখ পথৰ কাষত আৰু লখিমপুৰ নগৰৰ খেলমাটিত এজেৱাইচিপিয়ে অব্যাহত ৰখা এই প্ৰতিবাদৰ জৰিয়তে গৰজি উঠিছে এনএইচপিচিৰ বিৰুদ্ধে৷

অসমৰ বিশেষজ্ঞ সমিতিৰ মতামতক আওকান কৰি কেন্দ্ৰীয় চৰকাৰে দ্ৰুতগতিত চলাই থকা বৃহৎ নদীবান্ধটোৰ নিৰ্মাণ কাৰ্য কোনো কাৰণতেই সম্পূৰ্ণ হ’বলৈ নিদিয়াৰ হুংকাৰ সংগঠনটোৰ৷ শনিবাৰৰ পৰা আৰম্ভ কৰা ১০০ ঘণ্টীয়া অৱৰোধৰ অন্তত আজি অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে লখিমপুৰৰ ১৫ নং ৰাজপথৰ খেলমাটিত কেন্দ্ৰীয় শক্তিমন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধান, ৰাজ্যৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল আৰু এনএইচপিচিৰ পুত্তলিকা দাহ কৰি কেন্দ্ৰীয় চৰকাৰ আৰু ৰাজ্য চৰকাৰৰ লগতে এনএইচপিচিৰ বিৰুদ্ধে তীব্ৰ হুংকাৰ দিয়ে সংগঠনটোৱে।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।