08/14/2019 - 15:55
in
ধিংঃ ১৯৪২ ৰ বটদ্ৰৱাৰ কপাহেৰাৰ শ্বহীদ গুনাভিৰাম বৰদলৈৰ প্ৰতিমূৰ্তি নিৰ্মাণৰ কামৰ শুভাৰম্ভণি কৰে বিধায়িকা আঙুৰলতা ডেকাই। বুধবাৰে কপাহেৰাত শ্বহীদগৰাকীৰ প্ৰতিমূৰ্তি নিৰ্মাণৰ কামৰ শুভাৰম্ভণি কৰি দুমাহৰ ভিতৰতে এই কাম সম্পন্ন কৰাৰো প্ৰতিশ্ৰুতি প্ৰদান কৰে। শ্বহীদগৰাকীৰ প্ৰতিমূৰ্তি শুভাৰম্ভণিৰ আগতে বটদ্ৰৱা সমষ্টিৰ চাবুকধৰা স্বাস্থ্যকেন্দ্ৰৰ চৌহদত স্বচ্ছ অভিযানত অংশগ্ৰহণ কৰে বিধায়িকাগৰাকীয়ে।
হাতত দা লৈ শতাধিক মহিলাৰ সতে জংঘল কটাৰ লগতে গছপুলি ৰোপণ কৰে বিধায়িকা আঙুৰলতাই। গছপুলি ৰোপণ কাৰ্যসূচীৰ অন্তত "একতাৰ দৌৰ"ত অংশগ্ৰহণ কৰে বিধায়িকাগৰাকীয়ে। চাবুকধৰাৰ পৰা কপাহেৰালৈ প্ৰায় ৫ কি.মি পথ একতাৰ দৌৰত অংশগ্ৰহণ কৰে বিধায়িকা আঙুৰলতাই।