03/31/2019 - 18:55
in
বিলাসীপাৰা: বিলাসীপাৰা মহকুমাৰ শালকোচা বনাঞ্চলৰ অধীনস্থ চিনামাৰীৰ টিলাপাৰাত যোৱা নিশা এটা লতামাকৰি বাঘৰ পোৱালি উদ্ধাৰ কৰা হয়। অঞ্চলটোত মুক্ত বিচৰণ কৰি থকা অৱস্থাত ৰাইজে আৱদ্ধ কৰে বাঘৰ পোৱালিটো। পিছত এই বিষয়ে ৰাইজে অৱগত কৰায় শালকোচা বন বিভাগক।
নিশাই শালকোচা বনাঞ্চলিক বিষয়া অনিৰুদ্ধ পাঠক, নৃপেন নাথ আৰু নূৰ ইছলামৰ নেতৃত্বত যোৱা বন বিষয়া-কৰ্মীৰ দল চিনামাৰত উপস্থিত হৈ বাঘৰ পোৱালিটো উদ্ধাৰ কৰে। পৰৱৰ্তী সময়ত নিশাৰ ভিতৰতে বন বিভাগে বাঘৰ পোৱালিটো চৰাইখোলাস্থিত বন্যপ্ৰাণী সংৰক্ষণ বিভাগক গতাই দিয়ে।
ইফালে, বাঘৰ পোৱালিটো অঞ্চলটোত উদ্ধাৰ হোৱাক কেন্দ্ৰ কৰি সৃষ্টি হৈছে ব্যাপক চাঞ্চল্যৰ। অঞ্চলটোৰ গভীৰ জংঘলত মাতৃ বাঘ থকাৰ সন্দেহত শংকাত ভুগিছে অঞ্চলবাসী।
সেয়েহে বন বিভাগক নিৰাপত্তা প্ৰদানৰ দাবী তুলিছে স্থানীয় ৰাইজে।