জলসম্পদ মন্ত্ৰীৰ বঙাইগাঁও জিলা ভ্ৰমণ

 08/14/2019 - 19:40

অভয়াপুৰীঃ ৰাজ্যখনৰ জলসম্পদ মন্ত্ৰী কেশৱ মহন্তই আজি বঙাইগাঁও জিলাৰ বান বিধ্বস্ত অঞ্চল পৰিদৰ্শন কৰি বানপীড়িত ৰাইজৰ খা-খবৰ লয়। বঙাইগাঁও জিলাৰ জামদহা, চেঁচাপানী, হুৰামাৰা আদি অঞ্চলবোৰত গৈ আই নদীৰ খহনীয়া আৰু বানপানীয়ে ক্ষতি কৰা ৰাইজৰ পৰা তেওঁলোকৰ বৰ্তমানৰ সমস্যাৰ বিষয়ে বুজ লৈ মন্ত্ৰী মহন্তই বানপীড়িতৰ পুনৰ সংস্থাপনৰ বাবে চৰকাৰৰ ফালৰ পৰা লোৱা বিভিন্ন আঁচনি সম্পৰ্কে ৰাইজক অৱগত কৰাৰ লগতে আঁচনিবোৰ সোনকালে ৰূপায়ণ কৰাৰো আশ্বাস দিয়ে।

শৈল বান্ধে জিলাখনৰ কিছুমান ঠাইত খহনীয়াৰ পৰা ৰাইজক কিছু পৰিমানে সুৰক্ষা দিয়াৰ কথা প্ৰকাশ কৰি মন্ত্ৰীগৰাকীয়ে আই নদীয়ে নিজৰ গতি পথ সলনি কৰাৰ কথা উল্লেখ কৰি কয় যে এই নদীবোৰক মূল সুঁতিলৈ ওভতাই নিয়াৰ কথা তেওঁলোকে চিন্তা কৰিছে। হুৰামাৰাৰ ৰাইজে মন্ত্ৰীগৰাকীৰ পৰা পুনৰ সংস্থাপন বিচাৰে।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।