08/14/2019 - 20:18
in
দলগাঁওঃ কাইলৈ সমগ্ৰ ভাৰতবাসীয়ে পালন কৰিব ৭৩ সংখ্যক স্বাধীনতা দিৱস। স্বাধীনতা দিৱসৰ প্ৰাকক্ষণত খাৰুপেটীয়াত ত্ৰিৰংগা যাত্ৰা উলিওৱা হয়। যাত্ৰাত অংশ লয় ৮ নং মঙলদৈ লোকসভা সমষ্টিৰ সাংসদ দিলীপ শইকীয়া, মঙলদৈৰ বিধায়ক গুৰুজ্যোতি দাস, খাৰুপেটীয়া টাউন কমিটীৰ সভানেত্রী কৃষ্ণা সাহাৰ লগতে যথেষ্ট সংখ্যক বিজেপি কৰ্মী।
বিজেপিৰ দলগাঁও-শিয়ালমাৰী মণ্ডল সমিতিৰ উদ্যোগত আয়োজিত উক্ত যাত্ৰাত বন্দে মাতৰম, ভাৰত মাতা কী জয় আদি শ্লোগানেৰে খাৰুপেটীয়াৰ আকাশ বতাহ মুখৰিত কৰে। উল্লেখ্য যে দৰং জিলা প্ৰশাসনৰ লগতে সকলোৱে স্বাধীনতা দিৱসৰ প্ৰস্তুতি সম্পূৰ্ণ কৰি তুলিছে।