08/14/2019 - 20:31
in
দুলীয়াজানঃ দুলীয়াজানৰ ভাদৈ আৰক্ষী চকীৰ অন্তগৰ্ত ১ নং কঠালগুৰি অঞ্চলৰ এজন শ্ৰমিক আজি বিদ্যুৎস্পৃষ্ট হৈ মৃত্যুমুখত পৰা ঘটনাত স্থানীয় শ্ৰমিকসকল প্ৰতিবাদ মুখৰ হৈ পৰে। মৃত শ্ৰমিকজন চুটু প্ৰৰ্জা (৫৫) বুলি জানিব পৰা গৈছে। শ্ৰমিকজনে অমৃত আগৰৱালাৰ স্বত্বাধিকাৰী বাগিছাখনত কাম কৰি থকা অৱস্থাত এই দুৰ্ঘটনাতো সংঘটিত হয়।
ঘটনা অনুসৰি বাগিছাৰ মাজত ছিঙি পৰি ৰোৱা বিদ্যুৎ পৰিবাহী তাঁৰত লাগি থিতাতে মৃত্যু হয় শ্ৰমিকজনৰ। এই ঘটনাত বিদ্যুৎস্পৃষ্ট শ্ৰমিকজনৰ মৃতদেহ সন্মুখত ৰাখি ৰাইজে বাগিছাৰ স্বত্বাধিকাৰী আৰু উপস্থিত বৰডুবি শাখাৰ ৰাজ্যিক বিদ্যুৎ বিভাগৰ উপ সংমণ্ডল বিষয়াৰ বিৰুদ্ধে প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে। পাছত স্থানীয় আৰক্ষী উপস্থিত হৈ পৰিস্থিতি শান্ত কৰিবলৈ চেষ্টা কৰে যদিও এতিয়াও মিশ্ৰিত উত্তেজনাই বিৰাজ কৰিছে অঞ্চলটোত।