ডবকাঃ সমগ্ৰ দেশৰ লগতে হোজাই জিলা প্ৰশাসনৰ উদ্যোগত পালন কৰা হয় ৭৩ সংখ্যক স্বাধীনতা দিৱস৷ হোজাই জিলা সদৰ শংকৰদেৱ নগৰৰ কাছাৰী মৈদানত জিলা প্ৰশাসনৰ উদ্যোগত বৰ্ণাঢ্য কাৰ্যসূচীৰে উদযাপন কৰা হয় স্বাধীনতা দিৱসটি৷
শংকৰদেৱ নগৰৰ কাছাৰী মৈদানত পুৱা ৯ বজাত ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰে জিলা উপায়ুক্ত তন্ময় প্ৰতিম বৰগোহাঁইয়ে৷ পতাকা উত্তোলন কৰি উপায়ুক্ত গৰাকীয়ে ভাষণ প্ৰসংগত পৰাধীন ভাৰতৰ শিকলি ছিঙি দেশৰ সৰ্বস্তৰৰ মানুহক স্বাধীনতাৰ সোৱাদ দিয়া দেশৰ স্বাধীনতা সংগ্ৰামী তথা বীৰ শ্বহীদ সকলৰ আত্মত্যাগক শ্ৰদ্ধাৰে সোঁৱৰে৷
তদুপৰি দেশৰ অখণ্ডতা আৰু দেশৰ সাৰ্বভৌমত্ব ৰক্ষাৰ হকে সীমান্তত প্ৰহৰী হৈ থকা বীৰ জোৱানসকললৈ কৃতজ্ঞতা জ্ঞাপন কৰে৷ ভাষণ প্ৰদানৰ পিছতেই হোজাইৰ বিভিন্ন বিদ্যালয়, মহাবিদ্যালয়, অসম আৰক্ষী, এন চি চি আদিৰ দ্বাৰা প্ৰদৰ্শন কৰা কুচকাৱাজৰ অভিবাদন গ্ৰহণ কৰে৷
অন্যহাতে, স্বাধীনতা দিৱসৰ আন আন কাৰ্যসূচীসমূহৰ ভিতৰত বিভিন্ন জাতি-জনগোষ্ঠীৰ নৃত্যৰ লগতে সাংস্কৃতিক অনুষ্ঠান, বিভিন্ন বিভাগৰ দ্বাৰা অনুদান বিতৰণ, বিভিন্ন চৰকাৰী বেচৰকাৰী সংস্থাৰ দ্বাৰা কণ কণ ছাত্ৰ-ছাত্ৰী সকলৰ মাজত ফলমূল বিতৰণ আদি কৰা হয়৷
লগতে প্ৰশাসনৰ উদ্যোগত কছাৰী মৈদামৰ কাষতে ৰাইজৰ বাবে এক সজাগতামূলক প্ৰদৰ্শনী অনুষ্ঠানৰ আয়োজন কৰে জিলা প্ৰশাসনে৷ উক্ত স্বাধীনতা দিৱস অনুষ্ঠানত কোনো অপ্ৰীতিকৰ ঘটনা সংঘটিত হোৱা নাই যদিও প্ৰখৰ গৰমত কুচকাৱাজ অনুষ্ঠানত ভাগ লোৱা দুজন ছাত্ৰ মাটিত ঢলি পৰে যদিও ততাতৈয়াকৈ তেওঁলোকক চিকিৎসা প্ৰদান কৰা হয় ৷