হাউলীত গছপুলি ৰোপণ, বিতৰণ আৰু বিশেষ সম্বৰ্ধনা অনুষ্ঠান

 08/15/2019 - 16:33

হাউলীঃ দেশৰ ৭৩ সংখ্যক স্বাধীনতা দিৱস উপলক্ষে বৰপেটা জিলাৰ হাউলী আৰক্ষী থানাৰ উদ্যোগত গছপুলি ৰোপণ, বিতৰণ আৰু বিশেষ সম্বৰ্ধনা সভা অৱসৰ প্ৰাপ্ত আৰক্ষী বিষয়া তথা সমাজ কৰ্মী ৰাঘৱ দাসৰ পৌৰোহিত্যত হাউলী চাৰিআলি চ'কত অনুষ্ঠিত হয়। সভাৰ উদ্দেশ্য ব্যাখ্যা কৰে হাউলী আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া পংকজ দাসে।

উক্ত সভাত অধিবক্তা দীপক দাস, ভৱানীপুৰ আঞ্চলিক কলেজৰ অৱসৰ প্ৰাপ্ত উপাধ্যক্ষ তৰণী পাঠক, বেংগুলী যুৱ ফেডাৰেশ্বনৰ নেতা ৰতন সেন, হাউলী জুনিয়ৰ কলেজৰ অধ্যক্ষ অনিল কলিতা, বিশিষ্ট সমাজ সেৱিকা অঞ্জলি চৌধুৰী, শ্ৰমিক নেতাদ্বয় কামৰুল ইছলাম, বছিৰ উদ্দিন, অৱসৰ প্ৰাপ্ত শিক্ষক খনীন্দ্ৰ কুমাৰ বায়ন, সাংবাদিক পেঞ্চনাৰ ৰত্নেশ্বৰ তালুকদাৰ, হাউলী নগৰ সমিতিৰ অৱসৰপ্ৰাপ্ত কৰ্মচাৰী জগন্নাথ দাসক ফুলাম গামোচা, গছপুলি আৰু ৰাষ্ট্ৰীয় পতাকাৰে আনুষ্ঠানিকভাৱে সম্বৰ্ধনা জনায়।

সম্বৰ্ধিত বিশিষ্ট ব্যক্তিসকলে স্বাধীনতা দিৱসৰ তাৎপৰ্যৰ ওপৰত বহলাই বক্তব্য আগবঢ়ায়। ইয়াৰ পিছত নগৰখনৰ বিভিন্ন ঠাইত গছপুলি ৰোপণ কৰাৰ লগতে হাউলী চাৰিআলি চ'কত এখন নিৰ্দেশক ফলক স্থাপন কৰে। হাউলী আৰক্ষীৰ এনে অভিনৱ প্ৰচেষ্টাক স্থানীয় ৰাইজে সন্তোষ প্ৰকাশ কৰিছে।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।