আমছুৰ গুৱাহাটী মহানগৰ সমিতিৰ সাধাৰণ সম্পাদক দিলবৰ ৰহমানৰ পদত্যাগঃ গৰিয়া-মৰিয়া-দেশী জাতীয় পৰিষদত যোগদান

 04/01/2019 - 13:55

বৰপেটাঃ যি সময়ত অসমৰ আন আন জাতি-জনগোষ্ঠীয়ে সুকীয়াকৈ আত্মপৰিচয় দাঙি ধৰাৰ প্ৰস্তুতি অব্যাহত ৰাখিছে তেনে সময়তে অসমৰ ইছলামধৰ্মী ভূমিপুত্ৰ গৰিয়া, মৰিয়া, দেশী জনগোষ্ঠীৰ লোকসকলো যেন সজাগ হৈ উঠিছে। ৰাজনৈতিক, অৰ্থনৈতিক, শৈক্ষিক সৰ্বদিশতে বঞ্চিত আৰু অৱহেলিত এই জনগোষ্ঠীয় লোকসকলৰ ন্যায় আৰু অধিকাৰৰ হৈ কাম কৰাৰ স্বাৰ্থত আজি সদৌ অসম সংখ্যালঘু ছাত্ৰ সন্থাৰ গুৱাহাটী মহানগৰ সমিতিৰ সাধাৰণ সম্পাদক দিলবৰ ৰহমানে সন্থাটোৰ মহানগৰ সমিতিৰ সভাপতিলৈ লিখিত ভাবে পদত্যাগ পত্ৰ প্ৰদান কৰি সদৌ অসম গৰিয়া-মৰিয়া-দেশী জাতীয় পৰিষদত যোগদান কৰে।

প্ৰাৰম্ভিক পৰিস্থিতিত বৃহত্তৰ অসমীয়া জাতিক ধৰ্মীয় মেৰুকৰণৰ দ্বাৰা বিভাজনেৰে ঐক্য-সংহতি বিনষ্ট কৰি সাতামপুৰুষীয়া এনাজৰীডাল থানবান কৰিব খুজিছে বুলি কৈ কোনো ধৰ্মৰ ভিত্তিত নহয় বিভিন্ন ধৰ্ম, বৰ্ণ,জাতি-জনগোষ্ঠীৰ সমিলমিলেৰে বৃহত্তৰ অসমীয়া জাতি গঠন হৈছিল বুলিও আমছুৰ সদ্য পদত্যাগী সাধাৰণ সম্পাদক দিলবৰ হুছেইনে মন্তব্য কৰে। সাম্প্ৰতিক সময়ত ৰাজ্যৰ বিভিন্ন জনজাতি-জনগোষ্ঠীৰ দৰেই সমগ্ৰ অসমৰ গৰিয়া, মৰিয়া, দেশীৰ লোকসকল একত্ৰিত হৈ হৃতমৰ্যদা পুনৰ উদ্ধাৰৰ সংগ্ৰামখন অধিক শক্তিশালী কৰাৰ উদ্দেশ্যে দিলবৰ ৰহমানে গৰিয়া-মৰিয়া-দেশী জাতীয় পৰিষদত যোগদান কৰে বুলি সভাত অভিমত ব্যক্ত কৰে।

নিজৰ অধিকাৰ আৰু প্ৰাপ্যৰ বাবে সকলো জাতি-জনগোষ্ঠীৰ সৈতে সমিলমিলেৰে একত্ৰিত হৈ জাতি-ধৰ্ম নিৰ্বিশেষে অসমৰ প্ৰতিটো জ্বলন্ত সমস্যা সমাধানৰ বাবে তেওঁ সদৌ অসম গৰিয়া-মৰিয়া-দেশী জাতীয় পৰিষদত যোগদান কৰে। বিগত ৬ বছৰে আমছুৰ কাৰ্যকৰী সভাপতি, সাধাৰণ সম্পাদককে ধৰি বিভিন্ন দায়িত্ব ভাৰ লোৱা দিলবৰ ৰহমানৰ আগমনে পৰিষদটোক অধিক শক্তিশালী ৰূপত প্ৰতিষ্ঠা কৰাত বিশেষ সহায় কৰিব বুলি আশা ব্যক্ত কৰে পৰিষদৰ কেন্দ্ৰীয় কাৰ্যকৰী সভাপতি নুৰুল হকে।

গুৱাহাটীৰ হাতীগাওঁস্থিত মনিষা বিবাহ ভৱনত গৰিয়া-মৰিয়া-দেশী জাতীয় পৰিষদৰ কেন্দ্ৰীয় কাৰ্যকৰী সভাপতি নুৰুল হকৰ সভাপতিত্বত অনুষ্ঠিত সাধাৰণ সভাখনত ৰাজীৱ চৌধুৰীক সভাপতি, দিলবৰ ৰহমানক সাধাৰণ সম্পাদক, ইছমাইল আলীক কাৰ্যকৰী সভাপতি আৰু প্ৰাক্তন সম্পাদক সুৰজ খানক উপ-সভাপতি হিচাপে লৈ ৩১ জনীয়া সদস্যৰে গুৱাহাটী মহানগৰ সমিতিখন পুনৰ গঠন কৰা হয়। সভাত সদৌ অসম গৰিয়া-মৰিয়া-দেশী জাতীয় পৰিষদৰ কেন্দ্ৰীয় সহকাৰী সম্পাদক চহিদ আলী আহমেদ যুৱ লেখক আব্দুল ওৱাদুদ শ্বেখ, বাঘসেনাৰ সভাপতি আজাদ আলী, অধিবক্তা ইমদাদ হুছেইন, সমাজসেৱিকা মেহমুদা নুৰী, জেষ্ঠ্য নাগৰিক চাহাবুদ্দিন আহমেদৰ লগতে পৰিষদৰ অন্যান্য বিষয়ববীয়াসহ মহানগৰৰ বিশিষ্ট ব্যক্তিসকল উপস্থিত থাকে।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।