বিজনীতো স্বাধীনতা দিৱস পালন

 08/15/2019 - 17:21

বিজনীঃ আজি দেশৰ ৭৩ সংখ্যক স্বাধীনতা দিৱস। সমগ্ৰ দেশৰ লগতে চিৰাং জিলাৰ বিজনীতো উদযাপন কৰা হয় স্বাধীনতা দিৱস। বিজনী মহকুমা প্ৰশাসনৰ উদ্যোগত বিজনী জিলা ক্ৰীড়া সন্থাৰ খেলপথাৰত দিনযোৰা কাৰ্যসূচীৰে উদযাপিত স্বাধীনতা দিৱসৰ ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰে অতিৰিক্ত উপায়ুক্ত তথা বিজনীৰ ভাৰপ্ৰাপ্ত মহকুমাধিপতি দিথকানন্দ হাজৰিকাই।

পতাকা উত্তোলন কৰাৰ পাছত বিজনীৰ আৰক্ষী আৰু বিজনী চহৰৰ বিভিন্ন বিদ্যালয়ৰ ছাত্র-ছাত্ৰীয়ে প্ৰদৰ্শন কৰা কুচকাৱাজৰ অভিবাদন গ্ৰহণ কৰে মহকুমাধিপতি হাজৰিকাই। কাৰ্যসূচী মৰ্মে পৰৱৰ্তী সাংস্কৃতিক অনুষ্ঠানত বিজনী মহকুমাৰ বিভিন্ন বিদ্যালয়ৰ ছাত্র-ছাত্ৰীয়ে বিভিন্ন কলা প্ৰদৰ্শন কৰি নৃত্য প্ৰদৰ্শন কৰে।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।