আমিনগাঁওঃ কামৰূপ জিলা সদৰ আমিনগাঁৱৰ নুমলী জলাহ পেৰেড গ্ৰাউণ্ডত দেশৰ ৭৩ সংখ্যক স্বাধীনতা দিৱস উলহ মালহেৰে পালন কৰা হয়। জিলা উপায়ুক্ত কমল কুমাৰ বৈশ্যই পতাকা উত্তোলনৰে আজি বৰ্ণাঢ্য কাৰ্যসূচীৰ উন্মোচন কৰে। ইয়াৰ পিছত তেওঁ বক্তব্য ৰাখি বিগত বৰ্ষত কামৰূপ জিলা প্ৰশাসনে জিলাখনৰ সৰ্বাংগীন উন্নয়নৰ বাবে লোৱা বিভিন্ন আঁচনিসমূহৰ ওপৰত চমু আলোকপাত কৰে। স্বাধীনতা দিৱস উদযাপন সমাৰোহত আৰক্ষী, অৰ্ধসামৰিক বাহিনী, এনচিচি আৰু বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীয়ে কুচকাৱাজ প্ৰদৰ্শন কৰাৰ লগতে সাংস্কৃতিক অনুষ্ঠানৰো আয়োজন কৰা হয়।
সমাৰোহত জিলাখনৰ বিষয়া-কৰ্মচাৰীসকলৰ লগতে বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী আৰু বহু সংখ্যক ৰাইজ উপস্থিত থাকে। আজি কামৰূপ জিলা পৰিবহণ বিষয়াৰ কাৰ্যালয়ত জিলা পৰিবহণ বিষয়া গৌতম দাসে পুৱা ৮ মাৰ্চত পতাকা উত্তোলন কৰে। লগতে পৰিবহণ বিষয়াৰ কাৰ্যালয়ৰ পৰা এক পথ পৰিবহণ সজাগতা সমদল উলিয়ায়। আজি উত্তৰ গুৱাহাটীৰ বিভিন্ন বিদ্যালয়-মহাবিদ্যালয়, আৰক্ষী থানা, চকী ধৰ্মীয় অনুষ্ঠানত পালিত হোৱা স্বাধীনতা দিৱসৰ কাৰ্যসূচীত জনসাধাৰণে উৎসাহেৰে ভাগ লোৱাত এক উৎসৱমুখৰ পৰিবেশ সকলোতে বিৰাজ কৰা পৰিলক্ষিত হয়।