উত্তৰ পূব সীমান্ত ৰেলৱেৰ সদৰ কাৰ্যালয়ত স্বাধীনতা দিৱস উদযাপন

 08/15/2019 - 19:19

গুৱাহাটীঃ প্ৰতি বছৰৰ দৰে এই বছৰো উলহ মালহেৰে উত্তৰ পূব সীমান্ত ৰেলৱেৰ সদৰ কাৰ্যালয়ত উদযাপিত হ’ল ৭৩ সংখ্যক স্বাধীনতা দিৱস। এই অনুষ্ঠানত ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰে উঃ পূৱ সীমান্ত ৰেলৱেৰ মহা প্ৰবন্ধক সংজীৱ ৰয়ে। ৰেলৰ বহুমুখী উন্নয়নৰ ওপৰত তেওঁ ভাষণ প্ৰদান কৰে। এই উদযাপন সমাৰোহত কণ কণ শিশু শিল্পীয়ে নিজ নিজ নৃত্য গীত প্ৰদৰ্শনৰ জড়িয়তে দৰ্শকৰ মন জয় কৰিবলৈ সক্ষম হয়।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।