08/15/2019 - 19:36
in
লাহৰীঘাটঃ সমগ্ৰ ভাৰতবৰ্ষতে আজি উলহ-মালহেৰে পালন কৰা হয় দেশৰ ৭৩ সংখ্যক স্বাধীনতা দিৱস। স্বাধীনতা দিৱস উপলক্ষে টেঙাগুৰিস্থিত শিয়ালমাৰী ৰাজ্যিক চিকিৎসালয়ে গ্ৰহণ কৰিলে এক প্ৰশংসনীয় পদক্ষেপ। চিকিৎসালয়খনৰ তৰফৰ পৰা হাতীলৰুৱা পথাৰ প্ৰাথমিক বিদ্যালয় প্ৰাঙ্গনত পুৱা ১০ বজাৰ পৰা বিনামূলীয়া স্বাস্থ্য শিবিৰ পাতি বাক্ৰাকান্ত লোকসকলক চিকিৎসা সেৱা আগবঢ়ায়।
ভূৰাগাঁও ৰাজহ চক্ৰৰ চক্ৰ বিষয়াৰ উপস্থিতিত শিয়ালমাৰী ৰাজ্যিক চিকিৎসালয়ৰ চিকিৎসক মনোজ মেধিৰ নেতৃত্বত চিকিৎসকৰ এটি দলে প্ৰায় পাঁচ শতাধিক বানাকান্ত লোকক জ্বৰ, চৰ্দি, পেটৰ বেমাৰ আদি ৰোগীৰ স্বাস্থ্য পৰীক্ষাৰ লগতে বিনামূলীয়া ঔষধ প্ৰদান কৰে। শিয়ালমাৰী ৰাজ্যিক চিকিৎসালয়ৰ এনে পদক্ষেপক টেঙাগুৰি অঞ্চলিক আমছুৰ লগতে স্থানীয় লোকেও শলাগ লয়।