দলগাঁওঃ দেশজুৰি পালন কৰা হৈছে ৭৩ সংখ্যক স্বাধীনতা দিৱস। দেশৰ হকে প্ৰাণাহুতি দিয়া বীৰ ছহিদসকলক চৰকাৰী-বেচৰকাৰী অনুষ্ঠান-প্ৰতিষ্ঠানত ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰি শ্ৰদ্ধাৰে স্মৰণ কৰা হ'ল যদিও দলগাঁৱৰ বঁটাবাৰীত দেখা গ'ল এক ব্যতিক্ৰমী দৃশ্য। খাৰুপেটীয়া প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ অন্তৰ্গত বঁটাবাৰী উপ-স্বাস্থ্য কেন্দ্ৰত দেখা নগ'ল কোনো বিষয়া-কৰ্মচাৰী, উত্তোলন নহ'ল ৰাষ্ট্ৰীয় পতাকা।
কাৰ্যতঃ পতাকা উত্তোলন কাৰ্যসূচীৰ পৰা বিৰত থাকি স্বাধীনতা দিৱসৰ লগতে দেশৰ হকে আত্মবলিদান দিয়া সকলক অপমানিত কৰাৰ ধৃষ্টতাক সহজভাৱে লোৱা নাই স্থানীয় লোকে। চৰকাৰী কাৰ্যালয়টোত কৰ্মৰত বিষয়া-কৰ্মচাৰীয়ে স্বাধীনতা দিৱস বৰ্জন কৰিলে নেকি বুলি প্ৰশ্ন উত্থাপন কৰিছে স্থানীয় ৰাইজে। লগতে বিদ্ৰোহী সংগঠন আলফাৰ আহ্বানত স্বাস্থ্য কেন্দ্ৰটোৰ কৰ্মচাৰীসকলে স্বাধীনতা দিৱস বৰ্জন কৰিলে নেকি বুলিও প্ৰশ্ন উত্থাপন কৰে। স্বাধীনতা দিৱস বৰ্জনৰ লগতে ত্ৰিৰংগাক অপমান কৰাসকলৰ বিৰুদ্ধে কিবা ব্যৱস্থা ল'বনে চৰকাৰ তথা আৰক্ষী-প্ৰশাসনে!