পানীৰ নামত বৰবিহ খুৱাইছে জনস্বাস্থ্য কাৰিকৰী বিভাগে

 08/16/2019 - 14:41

নলবাৰীঃ পকোৱাত এতিয়াও বিশুদ্ধ খোৱাপানীৰ পৰা বঞ্চিত এক হাজাৰো অধিক পৰিয়াল। পানীৰ নামত বৰবিহ খুৱাইছে জনস্বাস্থ্য কাৰিকৰী বিভাগে। নলবাৰী জিলাৰ বেলশৰ জনস্বাস্থ্য কাৰিকৰী বিভাগৰ অধিনস্থ বৃহত্তৰ পকোৱা অঞ্চলৰ একমাত্ৰ খোৱা পানী যোগান আঁচনিৰ পৰা ৰাইজে নাপায় নিয়মীয়া পানী।

অঞ্চলটোৰ প্ৰায় একহাজাৰো অধিক পৰিয়ালক সমাৰি স্থাপন কৰা হৈছিল পানীযোগান আঁচনিখন। বৰ্তমান কেইঘৰমান পৰিয়ালে পানী লাভ কৰিছে যদিও সেয়াও অনিয়মীয়া। আনহাতে বিভাগীয় কৰ্তৃপক্ষৰ অৱহেলাৰ বাবে পানীৰ নামত বৰবিহ খাইছে ৰাইজে। পানীৰ টেংকিসমূহত ভেঁকুৰ, শেলুৱৈ আদিৰ প্ৰলেপ পৰাত বিশুদ্ধ পানীৰ সলনি ঘোলা পানীহে ওলাই পাইপেৰে।

এই বৰবিহ সদৃশ পানীয়ে জনসাধাৰণৰ স্বাস্থ্যৰ প্ৰতিও ভাবুকি কঢ়িয়াইছে। বিভাগটোৰ অকৰ্মণ্যতাৰ বাবে অঞ্চলটোৰ এক হাজাৰৰো অধিক পৰিয়াল আজিও বিশুদ্ধ খোৱা পানীৰ পৰা বঞ্চিত হৱ লগা হৈছে। স্থানীয় ৰাইজে অতি শীঘ্ৰে উক্ত পানীযোগান আঁচনিটো নিয়মীয়া ভাৱে পৰিচালনা কৰিবলৈ বিভাগীয় কৰ্তৃপক্ষক আহ্বান জনাইছে।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।