মানকাচৰ মহাবিদ্যালয়ত ৪৯ সংখ্যক প্ৰতিষ্ঠা দিৱস উদযাপন

 08/16/2019 - 15:17

মানকাচৰঃ শুকুৰবাৰে মানকাচৰ মহাবিদ্যালয়ত ৪৯ সংখ্যক প্ৰতিষ্ঠা দিৱস উদযাপন কৰে। দক্ষিণ শালমাৰা মানকাচৰ জিলাৰ অন্তৰ্গত ভাৰত-বাংলাদেশৰ সীমান্তবৰ্তী অঞ্চলৰ অতি দূৰদৰ্শী, বিচক্ষণ আৰু উচ্চ শিক্ষাৰ প্ৰতি অনুৰাগ থকা কিছুমান ব্যক্তিৰ আন্তৰিক প্ৰচেষ্টাত আৰু সমূহ ৰাইজৰ সহযোগত ১৯৭১ চনৰ ১৬ আগষ্ট প্ৰতিষ্ঠা লাভ কৰে মহাবিদ্যালয়খনে।

মানকাচৰ মহাবিদ্যালয়খনত আজি পুৱা ৯ বজাত ৪৯ সংখ্যক প্ৰতিষ্ঠা দিৱসৰ আৰম্ভ কৰে। অনুষ্ঠানৰ আৰম্ভণিতে মহাবিদ্যালয়ৰ অধ্যক্ষ ড° অবেদ আলীয়ে মহাবিদ্যালয়ৰ পতাকা উত্তোলন আৰু স্মৃতি তৰ্পণ কৰাৰ লগতে গছ পুলি ৰোপন কৰে।

উক্ত অনুষ্ঠানত জাবেদ ইছলাম প্ৰাক্তন বিধায়ক ২১ মানকাচৰ বিধানসভা সমষ্টি, আশ্ৰাব আলী প্ৰাক্তন প্ৰধান শিক্ষক, এ এ লতিফ গাৰ্লচ্ ইনষ্টিটিউচন, মানকাচৰ অঞ্চলৰ বিশিষ্ট ব্যক্তি, মহাবিদ্যালয়ৰ অধ্যাপকৰ লগতে মহাবিদ্যালয়খনৰ ছাত্ৰ-ছাত্ৰী সকল উপস্থিত থাকে।

উল্লেখ্য যে অধ্যক্ষ ড° আবেদ আলীয়ে ছাত্ৰ-ছাত্ৰীসকলক মহাবিদ্যালয়ৰ পৰিস্কাৰ পৰিচ্ছন্নতা বজাই ৰখাৰ লগতে মহাবিদ্যালয়খনৰ শৈক্ষিক পৰিৱেশ বজাই ৰাখিবলৈ আহ্বান জনায়। ।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।