নলবাৰীঃ বন্দুক এৰি আলফা নামিল উদ্যোগ স্থাপন আৰু কৃষি কৰ্মত। শুকুৰবাৰে নলবাৰীৰ সীমান্তৱৰ্তী ধমধমাত এটি উদ্যোগ স্থাপন কৰিলে ৫ আলোচনাপন্থী আলফা সদস্যই। আলোচনাপন্থী আলফা ভাস্কৰ, নয়ন, মৃদুলসহ ৫ জন কেডাৰে জীবিকাৰ সন্ধান বিচাৰি স্থাপন কৰিলে মেচাৰ্চ প্ৰগচিভ টেডাৰ্চ নামে এটা চি চি ব্লকৰ উদ্যোগ। উদ্যোগটি উদ্বোধন কৰে আলফাৰ বৈদেশিক সচিব শশধৰ চৌধুৰীয়ে।
লগত সংগ দিয়ে আলফাৰ উপ-সেনাধ্যক্ষ ৰাজু বৰুৱাই। উদ্বোধনী ভাষণত বৈদেশিক সচিব শশধৰ চৌধুৰীয়ে এই অঞ্চলত নতুন নতুন উদ্যোগ স্থাপন কৰি অঞ্চলটোৰ নিবনুৱা যুৱক-যুৱতীয়ে জীবিকাৰ সন্ধান বিচাৰি পাব বুলি আশা প্ৰকাশ কৰাৰ লগতে অঞ্চলটোত উন্নয়ন সাধন কৰিব বুলি প্ৰকাশ কৰে। সাংবাদিকৰ প্ৰশ্নৰ উত্তৰত বৈদেশিক সচিবজনে আলফা আৰু কেন্দ্ৰীয় চৰকাৰৰ আলোচনা চলি থকা বুলি মন্তব্য কৰি অনুপ চেতিয়াৰ ৰাজনৈতিক দল খোলাৰ পক্ষতে মন্তব্য প্ৰদান কৰে।আলোচনা শেষ হ’লে ৰাজনৈতিক দল সম্ভৱ হ’ব পাৰে বুলিও প্ৰকাশ কৰে।