পৰ্যটন বিভাগৰ এখনি চুটি ছবি, ফটোগ্ৰাফী, লেখনী প্ৰতিযোগিতাৰ আয়োজন

 08/16/2019 - 16:19

ডিজিটেল ডেস্কঃ অসম পৰ্যটন বিভাগৰ চেয়াৰমেন জয়ন্ত মল্ল বৰুৱাই শুকুৰবাৰে এখনি সংবাদমেল আয়োজন কৰি অসমৰ পৰ্যটনক অধিক গতি প্ৰদানৰ উদ্দেশ্যে পৰ্যটন বিভাগটোৱে হাতত লোৱা কিছু বিশেষ পদক্ষেপৰ বিষয়ে উল্লেখ কৰে। ভাৰতৰ প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে ১৫ খন পৰ্যটন থলীৰ ভিতৰত উত্তৰ পূৰ্বাঞ্চল পৰ্যটন থলীসমূহক গুৰুত্ব দিয়াৰ লগত সকলোকে এই পৰ্যটন থলীসমূহলৈ আহিবলৈ অনুৰোধ জনোৱাৰ কথা কয় জয়ন্ত মল্ল বৰুৱাই। আনহাতে সংবাদমেলযোগে ATDCৰ অধ্যক্ষ জয়ন্ত মল্ল বৰুৱাই Awesome Assamৰ ভিত্তিত পৰ্যটন বিভাগে এখনি চুটি ছবি, ফটোগ্ৰাফী, লেখনী প্ৰতিযোগিতাৰ আয়োজন কৰাৰ কথা জনায়।

প্ৰতিযোগিতাৰ নিয়মাৱলীসমূহ ক্ৰমে- ১ ৰ পৰা ৩ মিনিটৰ ভিতৰত হ’ব লাগিব চুটি ছবি। ২০ আগষ্টৰ পৰা ২০ ছেপ্টেম্বৰৰ ভিতৰত জমা দিব লাগিব চুটি ছবি, ফটোগ্ৰাফী আৰু লেখনীসমূহ। লেখনীসমূহ হ’ব লাগিব ২০০ শব্দৰ ভিতৰত। বিজয়ীসকলক বিশ্ব পৰ্যটন দিৱসত প্ৰদান কৰা হ’ব বঁটা। বঁটাৰ লগতে থাকিব ধনৰ টোপোলা। শ্ৰেষ্ঠ চুটি ছবিলৈ আগবঢ়োৱা হ’ব ১ লাখ টকা। দ্বিতীয় বিজয়ীক ৭৫ হাজাৰ আৰু তৃতীয়ক প্ৰদান কৰা হ’ব ৫০ হাজাৰ টকা।

শ্ৰেষ্ঠ ফটোগ্ৰাফী প্ৰতিযোগিতাৰ চূড়ান্ত বিজয়ীক প্ৰদান কৰা হ’ব ২৫ হাজাৰ টকা। দ্বিতীয় বিজয়ীক ২০ হাজাৰ আৰু তৃতীয় বিজয়ীয়ে লাভ কৰিব ১৫ হাজাৰ টকা। আনহাতে লেখনী প্ৰতিযোগিতাৰ শ্ৰেষ্ঠজনে পাব ১০ হাজাৰ টকা। দ্বিতীয় শ্ৰেষ্ঠ বিজয়ীক ৭,৫০০ টকা আৰু তৃতীয়জনে পাব ৫ হাজাৰ টকা। ১৭ আগষ্টত আহমেদাবাদ, ১৯ আগষ্টত পুণেত আৰু ২১ আগষ্টত মুম্বাইত ৰোড শ্ব’ কৰিব পৰ্যটন নিগমে। উল্লেখযোগ্য যে প্ৰিয়ংকা চোপ্ৰাৰ লগত থকা চুক্তি শেষ হ’ল যদিও এবছৰ ধৰি প্ৰিয়ংকা চোপ্ৰাৰ ফটো, ভিডিঅ’ ব্যৱহাৰ কৰিব নিগমে।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।