নলবাৰীঃ নলবাৰী জিলাৰ আগশাৰীৰ সাহিত্য-সাংস্কৃতিক অনুষ্ঠান প্ৰজন্ম, নলবাৰী আৰু দক্ষিণ পকোৱা অঞ্চলৰ চিত্ৰ কলাৰ শিক্ষানুষ্ঠান শংকৰদেৱ কলা নিকেতনৰ উদ্যোগত দেশৰ স্বাধীনতা দিৱসৰ লগত সংগতি ৰাখি অনুষ্ঠিত কৰে নলবাৰী জিলা ভিত্তিত কবিতা আবৃত্তি আৰু চিত্ৰাংকন প্ৰতিযোগিতা। বগুৰিহাটীৰ শংকৰদেৱ শিশু নিকেতনত অনুষ্ঠিত হোৱা চিত্ৰাংকন প্ৰতিযোগিতা মুকলি কৰে বিশিষ্ট সমাজ সেৱক পুলক কুমাৰ শৰ্মাই। অতিথি হিচাপে উপস্থিত থাকে শংকৰদেৱ শিশু নিকেতন পৰিচালনা সমিতিৰ সম্পাদক প্ৰনব কুমাৰ শৰ্মা।
কবিতা আবৃত্তি প্ৰতিযোগিতা মুকলি কৰি উত্তৰ কামপীঠ মহাবিদ্যালয় জাগাৰা অধ্যক্ষ নগেন চন্দ্ৰ বেজবৰুৱাই প্ৰজন্মৰ এনেকুৱা কাৰ্যসূচীক প্ৰশংসা কৰে আৰু ছাত্ৰ-ছাত্ৰীসকলক সৎ পথেৰে প্ৰতিযোগী মন লৈ আগবাঢ়ি যাবলৈ আহ্বান জনায়। বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকি সাংবাদিক এম মহিবৰ ৰহমানে প্ৰজন্মক লৈ গৌৰৱ অনুভৱ কৰে আৰু প্ৰজন্মৰ এনে কাৰ্যসুচীক প্ৰজন্মৰ পৰা প্ৰজন্মলৈ মনত ৰাখিব বুলি মত প্ৰকাশ কৰে। নিমন্ত্ৰিত অতিথি হিচাপে উপস্থিত থাকে বিশিষ্ট কবি কমল কুমাৰ জৈন। নলবাৰী জিলাৰ বিভিন্ন প্ৰান্তৰ ১৬১ গৰাকী প্ৰতিযোগীয়ে অংশগ্ৰহণ কৰা প্ৰতিযোগিতাৰ শেষত বঁটা বিতৰণী অনুষ্ঠানত উপস্থিত থাকে নলবাৰী জিলা ছাত্ৰ সন্থাৰ সভাপতি গুণজ্যোতি পাঠক।
পাঠকে ভাষণ প্ৰসংগত কয় যে বৰ্তমান সময়ত এনেকুৱা প্ৰতিযোগিতাই ছাত্ৰ-ছাত্ৰীসকলক মানসিক উৎকৰ্ষ সাধন কৰাৰ লগতে প্ৰতিযোগী মন লৈ ছাত্ৰ-ছাত্ৰীসকলে আগবাঢ়ি যোৱাত সহায় কৰে। লগতে পাঠকে আবৃত্তিৰ বিভিন্ন দিশত বক্তব্য ৰখাৰ লগতে কবিতা পাঠ কৰি উপস্থিত ৰাইজক আপ্লুত কৰে। অতিথি শিল্পী হিচাপে উপস্থিত থাকে অসমৰ জনপ্ৰিয় ধাৰাবাহিক বৰলাকাইৰ জনপ্ৰিয় চৰিত্ৰ ডেকা পুলিচ খ্যাত প্ৰাণজিত লোচন শৰ্মা আৰু আলী পুলিচ খ্যাত বিজু আহমেদ। দুয়োগৰাকী অভিনেতাই ছাত্ৰ-ছাত্ৰী তথা ৰাইজক আমোদ দিয়াৰ লগতে প্ৰতিযোগীসকলক উদ্দেশ্যি ৰসপূৰ্ণ ভাষণ প্ৰদান কৰে।
চিত্ৰাংকন প্ৰতিযোগিতাত ক শাখাৰ প্ৰথম প্ৰিয়ংকা হালৈ, দ্বিতীয় দেৱাৰ্শী বৈশ্য, তৃতীয় শৰ্মিষ্ঠা শৰ্মা, খ শাখাৰ প্ৰথম অংকুৰ গোস্বামী, দ্বিতীয় ৰাহুল পৰাশৰ, তৃতীয় পাৰ্থ প্ৰতিম শৰ্মা, কবিতা আবৃত্তি প্ৰতিযোগিতাত ক শাখাৰ প্ৰথম মানসী ভৰালী, দ্বিতীয় ৰাজপ্ৰতীম পাটোৱাৰী, তৃতীয় ববিতা দাস, খ শাখাৰ প্ৰথম কাকু তালুকদাৰ, দ্বিতীয় ধনশ্ৰী বেজবৰুৱা, তৃতীয় হৃত্বিকা শৰ্মাই লাভ কৰে বুলি প্ৰজন্মৰ সভাপতি ৰাজীৱ শৰ্মা, কাৰ্যকৰী সভাপতি জুলু মহন্ত, নিতু তালুকদাৰ, সম্পাদক পাকিউৰ ৰহমান আৰু প্ৰজন্মৰ সম্পাদক তথা শংকৰদেৱ কলা নিকেতনৰ অধ্যক্ষ দ্বীৰূপ কোচ তালুকদাৰ, প্ৰতিযোগিতাৰ তত্বাবধায়ক সঞ্জয় শৰ্মা, ৰাফেল চৌধুৰী, দ্বীপজ্যোতি তালুকদাৰ, নিপন শৰ্মাই জানিবলৈ দিয়ে।