08/16/2019 - 17:10
in
মৰিগাঁওঃ আজি মৰিগাঁৱৰ অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদৰ হাবিবৰঙাবাৰী আঞ্চলিক সমিতিৰ এটা সজাতি দলে মিকিৰভেটা ৰাজহ চক্ৰ বিষয়াক সাক্ষাৎ কৰে। আঞ্চলিক সমিতিৰ উপদেষ্টা মিৰ্জা আৰিফ আলম সভাপতি জ্যোতি নাথ আৰু সাধাৰণ সম্পাদক ৰাজামনি আলীৰ নেতৃত্বত যোৱা ১০ জনীয়া সজাতি দলটোৱে দিনৰ ১ বজাত মিকিৰভেটা ৰাজহ চক্ৰ বিষয়া পলাশ আহোমক কাৰ্যালয়ত সাক্ষাৎ কৰাৰ লগতে এখন দাবী পত্ৰ প্ৰদান কৰে।
আঞ্চলিক সমিতিৰ সভাপতি আৰু সাধাৰণ সম্পাদকৰ স্বাক্ষৰিত দাবী পত্ৰত উল্লেখ কৰে যে অঞ্চলটোত মুকলিভাৱে তীৰ খেল, অবৈধভাৱে বিলাতী সুৰা বিক্ৰী কৰি নৱ-প্ৰজন্মক বিপথে পৰিচালিত কৰিছে। জিলা প্ৰশাসনৰ পৰিসৰৰ অন্তৰ্গত এলেকা এটাত এনেদৰে মুকলিভাৱে অনৈতিক কাৰ্যকলাপ চলি থকাটো দুৰ্ভাগ্যজনক আখ্যা দিয়ে সংগঠনটোৱে।