ভাৰতৰ এখন জিলাই ১৫ আগষ্টৰ সলনি ১৮ আগষ্টত পালন কৰে স্বাধীনতা দিৱস

 08/16/2019 - 18:21

ডিজিটেল ডেস্কঃ ১৯৪৭ চনৰ ১৫ আগষ্টত ভাৰতে স্বাধীনত লাভ কৰাৰ পিছতো ভাৰতৰ এখন জিলাই ১৮ আগষ্টতহে পালন কৰে স্বাধীনতা দিৱস। ১৫ আগষ্টৰ সলনি ১৮ আগষ্টত স্বাধীনতা দিৱস পালন কৰা জিলাখন হ’ল ৱেষ্ট বেংগলৰ নাদিয়া জিলা। 

ইয়াৰ কাৰণ কি?

১২ আগষ্টৰ ১৯৪৭ চনৰ কথা। অল ইণ্ডিয়া ৰেডিঅ’ত ভাৰতে স্বাধীনতা লাভ কৰাৰ বাতৰি প্ৰচাৰ হোৱাৰ লগতে ভাৰত-পাকিস্তানৰ বিভাজনৰ বাতৰি সম্প্ৰচাৰ হৈছিল। ইয়াৰ পিছতে আন এক খবৰ আহিল যে ভাৰতৰ পশ্চিমবংগৰ নাদিয়া জিলাখন ভুলতে পাকিস্তানত অন্তৰ্ভুক্ত হয়। আচলতে ভাৰত-পাকিস্তানৰ বিভাজন কৰা দায়িত্বত থকা প্ৰশাসনিক বিষয়াৰ ভুলতহে নাদিয়া জিলাখন পাকিস্তানত পৰে। ইংৰাজৰ বিষয়া ৰেডক্লিফে নক্সা বনোৱা ভুল কৰাৰ বাবে নাদিয়া জিলাখন পাকিস্তানৰ অন্তৰ্ভূক্ত হয়। এই কথা জনাৰ পিছতে নাদিয়াত বিদ্ৰোহ আৰম্ভ হয়।

শেষত সাধাৰণ জনতাৰ বিদ্ৰোহ ইমানে বাঢ়ি যায় যে ব্ৰিটিছে নিজৰ ভুল শুধৰাবলৈ বাধ্য হয়। তাৰ পিছত ভুল শুধৰণি কৰি সম্পূৰ্ণ আইনী প্ৰক্ৰিয়া সম্পন্ন কৰি ১৭ আগষ্টৰ নিশা ভাৰতত নাদিয়া জিলাক অন্তৰ্ভুক্ত কৰে। ভাৰতত অন্তৰ্ভুক্ত হোৱাৰ পিছতে নাদিয়া জিলাই ১৮ আগষ্টত নিজৰ স্বাধীনতা লাভ কৰা হিচাপে স্বাধীনতা দিৱস পালন কৰে। তেতিয়াৰে পৰা বৰ্তমান সময়লৈ ৱেষ্ট বেংগলৰ এইখন জিলাই ১৫ আগষ্টৰ সলনি ১৮ আগষ্টত স্বাধীনতা দিৱস পালন কৰি আহিছে।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।