08/17/2019 - 13:03
in
গহপুৰঃ গহপুৰত এতিয়া গৰাখহনীয়াই ভয়ংকৰ ৰূপ ধাৰণ কৰিছে। বুৰৈ নৈৰ গৰাখহনীয়াৰ ফলত সকলো আতংকিত হৈছে। ঘৰ-দুৱাৰ নদীৰ বুকুত জাহ যোৱাৰ বাবে গৃহহীন হৈছে ৫৫ টা পৰিয়াল। খহনীয়াত জাহ গৈছে ঘৰ বাৰীৰ লগতে চাহ বাগিচা। ঘৰ-বাৰী হেৰুৱাৰ ফলত এতিয়া অঘৰী জীৱন কটাবলগীয়া হৈছে বহু পৰিয়ালে। কেইবছৰমান আগলৈকে নদন বদন হৈ থকা গাঁওখনত এতিয়া বিভীষিকাময় পৰিবেশে বিৰাজ কৰিছে।
ভয় আৰু শংকাত গাঁওবাসীয়ে অতিবাহিত কৰিবলগীয়া হৈছে দিন। আজিকোপতি কোনো ব্যৱস্থা লোৱা নাই প্ৰশাসনে। বছৰ বছৰ ধৰি একেই সমস্যাত গাঁওবাসী অথচ কোনো ব্যৱস্থা গ্ৰহণ নকৰে প্ৰশাসনে। কিছু দিন পূৰ্বে এই খহনীয়া পৰিদৰ্শন কৰি গ'ল জলসম্পদ মন্ত্ৰী কেশৱ মহন্তই কিন্তু সমস্যা সমস্যাই হৈ ৰ'ল কাৰিবিল পঞ্চায়তবাসীৰ।