মৰিয়নীঃ ১৫ আগষ্টৰ দিনটোত দেশত সকলো ঠাইত সকলো ব্যস্ত স্বাধীনতা দিৱস উলহমালহেৰে উদযাপন কৰাত৷ দেশ আনন্দময় পৰিৱেশৰ মাজত ব্যস্ত৷ তাৰ মাজতে মৰিয়নীৰ জংচনৰ কাষতে বৃহস্পতিবাৰে নিশাৰ ভাগত এজন অসহায় শিশুৱে অকলশৰে বহি আছিল ভোকে-লঘোণে৷ এফালে স্বাধীনতা দিৱসৰ নামত লক্ষাধিক টকা ব্যয় কৰি অভিলাষী অনুষ্ঠানৰ আয়োজন কৰাৰ কাষতে এটি ১১/১২ বছৰীয়া কণমানিয়ে মানুহৰ হাতলৈ মুখলৈ চাই পথৰ কাষত বহি আছিল৷
নিশাৰ ভাগত মৰিয়নীৰ এজন সাংবাদিক সপোন ৰহমান শইকীয়াই শিশুটিক অকলশৰীয়া অৱস্থাত দেখি প্ৰথমে শিশুটিৰ লগত কথা-বতৰা পাতি সকলো কথা বুজি পৰৱৰ্তী সময়ত শিশুটিক নিশাৰ আহাৰ খোৱাই যোৰহাট শিশু সুৰক্ষা গৃহ চাইল্ড লাইনৰ সৈতে যোগাযোগ কৰে৷ চাইল্ড লাইন কৰ্তৃপক্ষই তাৎক্ষণিকভাৱে মৰিয়নীত উপস্থিত হৈ শিশুটিক চমজি লয় আৰু মৰিয়নীৰ প্ৰাথমিক চিকিৎসালয়ত স্বাস্থ্য পৰীক্ষা কৰি যোৰহাটলৈ লৈ যায়৷
শিশুটিৰ পৰা জানিব পৰা মতে শিশুটিৰ ঘৰ শিৱসাগৰৰ ৰাজমাই চাহ বাগিচাৰ টেঙ্কী লাইনৰ৷ আইতাকৰ সৈতে থকা পিতৃ-মাতৃহীন শিশুটিক বৃদ্ধা আইতাকৰ অনুমতি লৈ গাঁওখনৰে পৰিয়ালৰ এজন লোকে গুৱাহাটীত কাম দিম বুলি লৈ গৈছিল৷ যদিও সৌভাগ্যবশতঃ শিশুটি উভতি আহি ১৫ আগষ্টৰ পুৱা মৰিয়নীত উপস্থিত হৈ পুনৰ মৰিয়নীৰ পৰা ঘৰলৈ যোৱাত অসুবিধাত পৰে৷ মৰিয়নী জংচনৰ পৰা যোৰহাট শিশু সুৰক্ষা গৃহ চাইল্ড লাইন কৰ্তৃপক্ষক গতাই দিয়াত সাংবাদিকগৰাকীক সহায় কৰে সদৌ টাই আহোম ছাত্ৰ সন্থাৰ যোৰহাট জিলা সমিতিৰ সহকাৰী সাধাৰণ সম্পাদক ৰক্তিম জ্যোতি বৰুৱাই৷