জন্মাষ্টমীৰ দিনাই দুটাকৈ নামঘৰত চুৰি

 08/23/2019 - 16:10

শিৱসাগৰঃ জন্মাষ্টমীৰ দিনাই শিৱসাগৰত চোৰে লুট পাট কৰে দুটাকৈ নামঘৰত। শিৱসাগৰ নগৰৰ গাতে লাগি থকা বৃহত্তৰ মেটেকাৰ দুটাকৈ নামঘৰত ৰাতি চোৰে উপদ্ৰৱ কৰাত অঞ্চলজুৰি সৃষ্টি হৈছে তীব্ৰ চাঞ্চল্যৰ। মেটেকা গাঁৱৰ হৰিমন্দিৰ আৰু মেটেকা বৰ নামঘৰত যোৱানিশা এটা চোৰৰ দলে মণিকূটত সোমাই উপদ্ৰৱ কৰে।

চোৰে নামঘৰৰ দান পাত্ৰ, কাঁহৰ বাটি, ৰূপৰ ফুলি আদি লৈ যায়। আনকি নামঘৰৰ গুৰু আসনো লুটিয়াই থৈ যায়। পুৱা জন্মাষ্টমীৰ দিনাই নামঘৰত এনে কাণ্ড হোৱাত মূৰে কপালে হাত দিবলগীয়া অৱস্থা হয় ভকত বৈষ্ণৱৰ। নামঘৰত সমবেত হৈ ভকতসকলে গোসাঁইৰ উপস্থিতিত নামঘৰত শুদ্ধিকৰণ কৰিহে জন্মাষ্টমীৰ নাম প্ৰসংগ আৰম্ভ কৰে। ইফালে ঘটনা সন্দৰ্ভত জয়সাগৰ আৰক্ষী চকীত দিয়া এজাহাৰৰ ভিত্তিত তদন্ত অব্যাহত ৰাখিছে আৰক্ষীয়ে।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।