কাৰ্বি আংলংঃ বোকাজানত বিদ্যুৎ বিভাগৰ এন্ধাৰ অধ্যায়। বিদ্যুৎ যোগানৰ বাহিৰে সকলো কৰিৱ পাৰে এ এচ ই বি য়ে। প্ৰচণ্ড গৰমে দহিছে ৰাজ্যবাসীক কিন্তু এই প্ৰচণ্ড গৰমতে জ্বলা জুইত ঘিউ ঢালিছে বোকাজানৰ বিদ্যুৎ বিভাগে। বিগত ২০ দিন ধৰি নাই বিদ্যুৎ যাৰ ফলত হাৰাশাস্তিত ভুগিছে বোকাজান নগৰৰ ৭নং ৱাৰ্ডৰ অঞ্চলত বাসীয়ে। বোকাজান নগৰৰ ৭নং ৱাৰ্ডত ট্ৰেন্সফৰ্মাৰ অচল হৈ বিদ্যুত নথকাৰ ফলত ক্ষুদ্ধ হৈ ৰাইজে ঘেৰাও কৰে বোকাজান বিদ্যুৎ বিভাগৰ কাৰ্যালয়। ট্ৰেন্সফৰ্মাৰ অচল হৈ থকাৰ কথা ৰাইজে বহু দিন ধৰি বিদ্যুৎ বিভাগক অভিযোগ দি আহিছে যদিও কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ নকৰাৰ অভিযোগ দিছে একাংশ ক্ষুদ্ধ ৰাইজে। আনহাতে বিদ্যুৎ মাচুল জোখতকৈ অধিক আহে বুলিও বিস্ফোৰক অভিযোগ তুলিছে ৰাইজে। ব্যৱহৃত বিদ্যুতৰ অংক (meter reading)সংগ্ৰহ নকৰাকৈয়ে বিদ্যুৎ মাচুল ধার্য্য কৰে বুলিও অভিযোগ আনিছে ৰাইজে। আনফালে সমগ্ৰ অসমত জন্মাষ্টমী উপলক্ষে আজিৰ দিনটো বন্ধ ঘোষণা কৰাৰ পিছতো বোকাজান বিদ্যুৎ বিভাগৰ সহকাৰী মহাপ্ৰবন্ধকগৰাকীয়ে কাৰ্যলয়টোত বিদ্যুৎ মাচুল সংগ্ৰহ কৰিবলৈ নিৰ্দেশ দিয়াত মাচুল সংগ্ৰহ কৰি থাকে যদিও আচৰ্যজনক ভাবে ৭২কিলোমিটাৰ দূৰৰ পৰা অহা এজন ব্যক্তিৰ পৰা বিদ্যুৎ মাচুল নোলোৱাত খৰ্গষ্ঠ হৈ পৰে ব্যক্তিজন। আনহাতে স্থানীয় ৰাইজৰ অভিযোগ বিদ্যুৎ সংক্ৰান্তীয় অভাৱ অভিযোগক কোনো ধৰণৰ গুৰুত্ব নিদিয়ে বোকাজানৰ বিদ্যুৎ সংমণ্ডল বিষয়া অভিজিৎ গগৈয়ে। ৰাজ্যত সঘনাই লুকা ভাকু খেলা বিদ্যুত বিভাগৰ প্ৰতি শক্তি মন্ত্ৰীয়ে কি দায়িত্ব গ্ৰহণ কৰে সেয়া লক্ষ্যনীয়।