স্বামী-কন্যাক এৰি প্ৰেমিকৰ সৈতে পলায়ন মহিলা

 08/23/2019 - 16:53

পূৱ-বৰপেটাঃ বৰপেটা জিলাৰ নগাঁৱৰ অৰুপ দাসৰ পত্নীয়ে যোৱা ৬ আগষ্টত স্বামীক এৰি প্ৰেমিকৰ সৈতে পলাই যায়৷ স্বামীয়ে বৰপেটা থানাত এজাহাৰ দিছে যদিও বৰ্তমানলৈকে তেওঁলোকৰ কোনো সম্ভেদ উলিয়াব পৰা নাই৷ নিজৰ ৫ বছৰীয়া কন্যাৰ কথা এবাৰো নাভাবিলে এই হৃদয়হীনা মাতৃয়ে৷

স্বামীয়ে প্ৰকাশ কৰে যে যোৱাৰ সময়ত পত্নীয়ে নগদ কিছু টকা, সোণ, ৰুপ তথা কন্যাৰ ভবিষ্যতৰ কাৰণে বেংকত সাচি থোৱা ধনৰ পাচবুকৰ নথিপত্ৰ লৈ যায়৷ স্বামীয়ে আহ্বান জনাইছে কণমানিজনীৰ মুখলৈ চাই পত্নী যেন ঘৰখনলৈ পুনৰ ঘূৰি আহে৷

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।