08/23/2019 - 17:03
in
বৰপেটাঃ প্ৰায় ৬০০ বছৰ পুৰণি ঐতিহাসিক মহাপ্ৰভু শ্ৰীশ্ৰী গৰখীয়া গোসাঁই থান৷ মহাপ্ৰভু গৰখীয়া গোসাঁই থানত বছৰেকত ৬ টা উৎসৱক থানৰ মূল পৰ্ব হিচাপে পালন কৰে৷ থানৰ পৰ্ব কেইটা হৈছে ক্ৰমে বহাগ বিহু, জাগৰন, শ্ৰীকৃষ্ণৰ জন্মাষ্টমী, ৰাস উৎসৱ, মাঘ বিহু আৰু দৌল উৎসৱ৷ প্ৰতি বছৰ দৰে এইবেলিও পৰম্পৰাগতভাৱ গৰখীয়া থানত পালন কৰিছে শ্ৰীকৃষ্ণৰ জন্মাষ্টমী৷
পুৱাৰ পৰাই ভক্তৰ সমাগম ঘটিছে থানখনত৷ সকলোয়ে পূজা-অৰ্চনা কৰিছে৷ ভক্তই জানিবলৈ দিছে যে গৰখীয়া থানত পূজা-অৰ্চনা কৰিলে মনৰ কামনা পূৰণ হয়৷ থান পৰিচালনা সমিতিৰ সাধাৰণ সম্পাদকে এইবেলি ৭০ ৰ পৰা ৮০ হাজাৰ ভক্তৰ সমাগম হোৱাৰ লগতে ভক্তৰ সুবিধাৰ্থে চিকিৎসা, বিশুদ্ধ খোৱাপানী সকলো ব্যৱস্থা কৰিছে বুলি জানিবলৈ দিয়ে।