মহিলা ভােটাৰক আকর্ষণ কৰিবলৈ বিশেষ ব্যৱস্থা নগাঁৱত

 04/02/2019 - 17:46

নগাঁওঃ নগাঁও সংসদীয় সমষ্টিৰ বাবে নগাঁও জিলা নির্বাচনী বিষয়াৰ অধীনস্থ ১৫টা ভােটগ্রহণ কেন্দ্র মহিলা কর্মচাৰীৰ দ্বাৰা পৰিচালিত হ’ব।

জিলা নির্বাচনী বিষয়াই জনােৱা মতে, নগাঁও বিধানসভা সমষ্টিৰ অন্তর্গত দক্ষিণ হয়বৰগাঁও কলংপাৰ এল পি স্কুলত ভােটগ্রহণ কেন্দ্ৰৰ পূব খণ্ড পশ্চিম খণ্ড, মধ্য খণ্ড নগাঁও আইন মহাবিদ্যালয়ৰ ভােটগ্রহণ কেন্দ্ৰৰ পূব, পশ্চিম, মধ্য খণ্ড, বেংগলী ছােৱালী উচ্চ মাধ্যমিক বিদ্যালয়ৰ পূব, পশ্চিম, মধ্য, উত্তৰ খণ্ড ৰত্নকান্ত বৰকাকতী হাইস্কুলৰ পশ্চিম, উত্তৰ খণ্ড আৰু কিৰণবালা গােস্বামী ছােৱালী হাইস্কুল ভােটগ্রহণ কেন্দ্ৰৰ পূব, পশ্চিম, দক্ষিণ খণ্ডৰ ভােটগ্রহণ প্রক্রিয়া মহিলা কর্মচাৰীৰ দ্বাৰা পৰিচালিত হ’ব।

ইতিমধ্যে এই কেন্দ্রসমূহৰ বাবে নিয়ােজিত মহিলা কর্মচাৰীসকলক যাৱতীয় প্রশিক্ষণ দিয়াৰ ব্যৱস্থা কৰা হৈছে। আনহাতে, কলিয়াবৰ সংসদীয় সমষ্টিৰ অন্তৰ্গত কলিয়াবৰ মহকুমাৰ নির্বাচনী বিষয়াৰ অধীনস্থ কলিয়াবৰ বিধানসভা সমষ্টিৰ অন্তৰ্গত দুটা ভােটগ্রহণ কেন্দ্ৰত মহিলা কর্মচাৰীৰ দ্বাৰা পৰিচালিত হ'ব।

এই কেন্দ্ৰ দুটা হ'ল কুঁৱৰীটোল হাইস্কুল ভােটগ্রহণ কেন্দ্ৰৰ ২ আৰু ৩নং খণ্ড। ইয়াকে লৈ নগাঁও জিলাত মহিলা কর্মচাৰীৰ দ্বাৰা পৰিচালিত ভােটগ্রহণ কেন্দ্ৰৰ সংখ্যা ১৭টা হ'ব। উল্লেখ্য যে মহিলা ভােটাৰক আকর্ষণ কৰাৰ বাবেই নির্বাচন আয়ােগে এই ব্যৱস্থা গ্ৰহণ কৰিছে।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।