গোৱালপাৰাত বিদ্যুৎস্পৃষ্ট হৈ যুৱকৰ মৃত্যু

 08/23/2019 - 18:38

নগৰবেৰাঃ গোৱালপাৰা জিলাৰ ৰংজুলি থানাৰ অন্তৰ্গত বৰপথাৰত শুকুৰবাৰে সংঘটিত হয় এক শোকাৱহ ঘটনা। গাঁওখনৰ আছাদ আলী নামৰ এজন যুৱক বিদ্যুৎস্পৃষ্ট হৈ কৰুণ মৃত্যুক সাৱটি লয়। নিজ দোকান ঘৰত বিদ্যুতৰ মিটাৰ সংযোগ দিবলৈ গৈ ১১ হাজাৰ ভল্টৰ তাঁৰত লাগি বিদ্যুৎস্পৃষ্ট হৈ থিতাতে মৃত্যু হয় যুৱকজনৰ।

ইপিনে বিদ্যুৎ বিভাগৰ গাফিলতিৰ বাবেই যুৱকজনৰ মৃত্যু হোৱাৰ অভিযোগ উত্থাপন কৰিছে স্থানীয় ৰাইজে। নিয়ম মতে বিভাগৰ কৰ্মচাৰীসকলে বিদ্যুৎ মিটাৰ সংযোগ দিব লাগে যদিও কি যুক্তিত গ্ৰাহকজনৰ হাতত বিদ্যুতৰ মিটাৰ দি সংযোগ দিবলৈ কোৱা হৈছিল বুলি ৰাইজে প্ৰশ্ন উত্থাপন কৰিছে। বিদ্যুৎ বিভাগৰ এনে অৱহেলাৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰি মৃতকৰ পৰিয়ালক উপযুক্ত ক্ষতিপূৰণ দিয়ৰো দাবী জনাইছে স্থানীয় ৰাইজে।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।