08/23/2019 - 20:03
in
গোলাঘাটঃ যোৰহাট বিদেশী ন্যায়াধীকৰণে বহু লোকক বিদেশী ঘোষণা কৰিছে। শেহতীয়াকৈ বিএছএফত কৰ্মৰত এজন বিষয়াক বিদেশী ঘোষণা কৰাৰ তথ্য পোহৰলৈ আহিছে। গোলাঘাট জিলাৰ মেৰাপানীৰ উদয়পুৰ মিকিৰপট্টিৰ মুজিবুৰ ৰহমান নামৰ বি এছ এফৰ বিষয়াগৰাকীক বিদেশী ঘোষণা কৰিছে যোৰহাটৰ বিদেশী ন্যায়াধীকৰণে।
যাৰ ফলত এতিয়া পৰিয়ালটোৰ মাজত হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে। মুজিবৰ বৰ্তমান পঞ্জাবৰ পাকিস্তান সীমান্তত কৰ্তব্যত নিয়োজিত হৈ আছে। উল্লেখ্য যে বিদেশী ন্যায়াধীকৰণৰ এই গুৰুত্বপূৰ্ণ ৰায় সম্পৰ্কে নাজানে মুজিবুৰে। ঠিকনাৰ বিভ্ৰান্তিৰ বাবেই মুজিবৰক বিদেশী ঘোষণা কৰা হৈছে বুলি জানিব পৰা গৈছে। মুজিবুৰৰ লগতে তেওঁৰ পত্নী জৰ্জিনা বেগমকো বিদেশী ঘোষণা কৰা হৈছে। দুয়োকে বিদেশী ঘোষণা কৰা হৈছে যদিও তেওঁলোকৰ পিতৃ, ভাতৃ-ভগ্নী সকলো ভাৰতীয় নাগৰিক।