08/23/2019 - 20:13
in
দক্ষিণ শালমাৰাঃ দক্ষিণ শালমাৰা-মানকাচৰ জিলাৰ ভাৰত-বাংলাদেশ উন্মুক্ত সীমান্তত যোৱা নিশা শিশুমাৰা সীমান্তৰক্ষী বাহিনীয়ে নদী পথত টহল দি থকা অৱস্থাত এদল ভাৰতীয় গৰুৰ চোৰাং সৰবৰাহকাৰীৰ মুখামুখি হয়। বাংলাদেশ অভিমুখে গৰু লৈ যোৱা গৰুৰ চোৰাং সৰবৰাহকাৰীসকলে টহলদাৰী বিএছএফক দেখি পলায়ন কৰিব বিচৰাত শিশুমাৰা বিএছএফে ৬ গৰাকী গৰুৰ চোৰাং সৰবৰাহকাৰী আৰু ১৭ টা গৰু জব্দ কৰে বুলি জানিব পৰা গৈছে।
জানিব পৰা মতে ৬ নং বি এন, বি এছ এফে আটক কৰা গৰুৰ চোৰাং সৰবৰাহকাৰী ছয় জন ক্ৰমে সুখচৰ আৰক্ষী থানাৰ এলেকাৰ আতোৱাৰ ৰহমান, লাল চান আলী, দয়াল হোচেন, আকতাৰ আলী, ৰশিদ শ্বেখ আৰু মুছতাফিজুৰ ৰহমান। বি এছ এফে বাংলাদেশলৈ গৰু সৰবৰাহ কৰা গৰু সৰবৰাহকাৰী ছয়গৰাকী আৰু গৰু ১৭ টা হাটশিঙিমাৰীৰ খাৰুৱাবান্ধা আৰক্ষী চকীত চমজাই দিয়ে বুলি জনিব পৰা গৈছে।