খোৱাংঃ সংবাদ মাধ্যমত ধাৰাবাহিক বাতৰি পৰিৱেশনৰ পিছত অৱশেষত খোৱাঙৰ বিধ্বস্ত পথ পৰিদৰ্শনৰ বাবে আহিল বিধায়িনী দল। খোৱাং চাৰিআলিৰ পৰা চেনিমাৰীলৈকে প্ৰায় ৭ কিলোমিটাৰ দৈৰ্ঘ্য খোৱাঙৰ পুৰণা এটি ৰ'ড সম্প্ৰতি অতি শোচনীয় হৈ পৰিছে। পথটো মেৰামতিৰ বাবে ২০১৪ চনতে প্ৰায় ৮.৫ কোটি টকা আৱণ্টন দিয়া হৈছিল যদিও ঠিকাদাৰ আৰু বিষয়া কৰ্মচাৰীৰ হেমাহিত আজি পৰ্যন্ত পথটো নিৰ্মাণৰত অৱস্থাতে আছে। যাৰ ফলত শোচনীয় পথটোৱে ৰাইজক জলা-কলা খোৱাই আহিছে। পথটো মেৰামতি কৰাক লৈ ৰাইজে বিভিন্ন সময়ত দাবী কৰি আহিছে যদিও বিভাগীয় কৰ্তৃপক্ষই আজি পৰ্যন্ত কোনো গুৰুত্ব প্ৰদান কৰা নাই।
এক বুজন পৰিমাণৰ ধন আৱণ্টন দিয়াৰ পিছতে কিয় মেৰামতিৰ কাম সম্পূৰ্ণ হোৱা নাই সেই সম্পৰ্কে বুজ ল'বলৈ আজি খোৱাঙত আহি উপস্থিত হয় বিধান সভাৰ এটা পৰ্যবেক্ষকৰ দল। বিধায়িনী দলটোৰ সভাপতি তথা বিধায়ক টেৰছ গুৱালাৰ নেতৃত্বত ক্ৰমে বিধায়ক ভাস্কৰ শৰ্মা, ৰিতুপৰ্ণ বৰুৱা, আব্দুল কালাম আজাদ, মহেশ্বৰ বড়ো, ভূৱন পেগু, নৰেন সোনোৱাল, চক্ৰধৰ গগৈ, যোগেন মোহন, চৰণ বড়ো আৰু আনিমুল ইছলাম সহ মুঠ ১১ গৰাকী বিধায়ক আহি উপস্থিত হয়। বিধায়িনী দলটোৱে পোনে পোনে আহি খোৱাং আৰক্ষী থানাৰ চৌহদত থকা গাঁওৰক্ষী বাহিনীৰ প্ৰেক্ষাগৃহত স্থানীয় ৰাইজৰ উপস্থিতিত এখন সভা অনুষ্ঠিত কৰে।
সভাত বিধায়ক চক্ৰধৰ গগৈয়ে খোৱাঙৰ এই শোচনীয় পথটোৰ সন্দৰ্ভত বক্তব্য দাঙি ধৰাৰ লগতে পথটো মেৰামতিৰ ক্ষেত্ৰত ঠিকাদাৰ আৰু বিভাগীয় কৰ্তৃপক্ষৰ অনীহাৰ বিষয়ে বিধায়িনী দলটোক অৱগত কৰে। আনহাতে বিধায়িনী দলটোৰ সভাপতি টেৰচ গুৱালাই খোৱাঙৰ এই পথটো মেৰামতিৰ ক্ষেত্ৰত হোৱা অনিয়ম আৰু ঠিকাদাৰৰ মইমতালি সন্দৰ্ভত এক তদন্ত কৰাৰ এক আশ্বাস দিয়াৰ লগতে দোষী সাব্যস্ত হোৱা ঠিকাদাৰ আৰু বিষয়া কৰ্মচাৰীৰ ওপৰত উপযুক্ত ব্যৱস্থা লোৱা হ'ব বুলিও ৰাইজক আশ্বাস দিয়ে।