08/24/2019 - 14:03
in
চিৰাংঃ চিৰাং জিলাৰ পানবাৰী থানাৰ অন্তৰ্গত বাল্লিমাৰী, ভাংনামাৰী, ফেঞ্চি বজাৰ গাঁৱৰ তিনিআলি চাৰিআলি আদি বিভিন্ন ঠাইত অব্যাহত আছে তীৰখেলাৰ ৰমৰমীয়া বেহা। একাংশ দুষ্ট চক্ৰই মুনাফা আদায়ৰ বাবে চলাইছে তীৰখেলা। পানবাৰী থানাৰ অন্তৰ্গত বিভিন্ন ঠাইত হাজাৰ হাজাৰ টকা বিনিয়োগ হোৱাৰ বিস্ফোৰক তথ্য পোহৰলৈ আহিছে। একাংশ আমোলা, বিষয়া, ব্যবসায়ী, ছাত্ৰ সকলো জড়িত হৈ পৰাৰ অভিযোগ উঠিছে।
জুৱাৰ বৃহৎ বজাৰখনত প্ৰতিদিনে কেইবা লাখ টকা বিনিয়োগ হোৱা বুলি বিজনী জিলা এবিএমছুৰ সভাপতিজনে প্ৰকাশ কৰিছে। একাংশ বিষয়া-কৰ্মচাৰীৰ আশীৰ্বাদত জুৱাৰী লগত গোপন বুজাবুজিৰ বাবে বিভাগীয় উৰ্ধ্বতন কৰ্তৃপক্ষৰ চকুত ধুলি দি জুৱাৰীয়ে চলাইছে ৰমৰমীয়া বেহা। অতি সোনকালে ইয়াৰ ওপৰত ব্যবস্থা গ্ৰহণ কৰিবলৈ দাবী জনাইছে স্হানীয় ৰাইজে।