যোগীঘোপাৰ নৱজ্যোতি প্ৰাথমিক বিদ্যালয়ৰ বিধ্বস্ত অৱস্থা

 08/24/2019 - 15:07

যোগীঘোপাঃ টেট শিক্ষক নিযুক্তিৰে ৰাজ্যৰ চৰকাৰে যিমানেই শিক্ষানুষ্ঠানৰ মান বৃদ্ধি কৰাৰ ক্ষেত্ৰত যিমানেই গুৰুত্ব নিদিয়ক কিয়, চৰকাৰী বিদ্যালয়ত নামভৰ্তি কৰা ছাত্ৰ ছাত্ৰীৰ স‌ংখ্যা তড়িৎ গতিত হ্ৰাস পাব ধৰিছে। বিগত চাৰিটা বছৰত ৰাজ্য খনত চৰকাৰী শিক্ষানুষ্ঠানত নামভৰ্তি কৰা ছাত্ৰ ছাত্ৰীৰ সংখ্যা প্ৰায় ১৫ শতাংশ নিম্নগামীৰ বিপৰীতে ব্যক্তিগত খণ্ডৰ শিক্ষানুষ্টানৰ প্ৰতি ছাত্র ছাত্ৰীৰ আগ্ৰহ বৃদ্ধি পাইছে। বিগত চাৰিটা বছৰত ব্যক্তিগত খণ্ডৰ শিক্ষানুষ্ঠানত ছাত্ৰ ছাত্ৰীৰ সংখ্যা ৩৯ শতাংশ বৃদ্ধি পাইছে কেন্দ্ৰীয় চৰকাৰৰ স্কুল ডাইৰেক্টৰী মেনেজমেন্ট ছিষ্টেমৰ এক প্ৰতিবেদনত প্ৰকাশ পাইছে এই তথ্য।

উল্লেখযোগ্য যে বিগত কিছুবছৰৰ পৰা চৰকাৰী শিক্ষানুষ্ঠানৰ মান বৃদ্ধি কৰাৰ বাবে চৰকাৰে ব্যাপক প্ৰচেষ্টা চলাই আহিছে। বিদ্যালয়ে বিদ্যালয়ে গুনোৎসৱ অনুষ্ঠিত কৰিও চৰকাৰী শিক্ষানুষ্ঠানৰ মান বৃদ্ধিত গুৰুত্ব দি আহিছে৷ মেধা সম্পন্ন শিক্ষক নিযুক্তিত চৰকাৰখনে যেনেদৰে গুৰুত্ব দিছে তদ্ৰুপভাবে ছাত্ৰ ছাত্ৰীৰ গুনগত মান বৃদ্ধিৰ ক্ষেত্ৰত গুনোৎসৱ আনুষ্ঠিত কৰি ইতিমধ্যে কিছু সফলো হৈছে। কিন্ত তাৰ পাছতো চৰকাৰী শিক্ষানুষ্ঠানত ছাত্ৰ ছাত্ৰীৰ সংখ্যা বৃদ্ধি হোবাৰ পৰিৰ্বতে হ্ৰাস পাব ধৰিছে। তথ্য অনুসৰী বিগত চাৰিটা বছৰত চৰকাৰী শিক্ষানুষ্ঠানত প্ৰায় ৭ লাখ ছাত্ৰ ছাত্ৰীৰ সংখ্যা হ্ৰাস পাইছে।

শিক্ষা বিভাগৰ আমূল সংস্কাৰৰ কথাকৈ ৰাজ্যৰ শিক্ষামন্ত্ৰী গৰাকীয়ে গুণোৎসৱ উদয়াপন কৰি শিক্ষাৰ উৎকৰ্ষ সাধনৰ বাবে খৰচ কৰিছে কৌটি কৌটি টকা। কিন্ত প্ৰকৃততে কেনেদৰে চলিছে ৰাজ্যৰ শিক্ষা বিভাগ। বঙাইগাঁও জিলাৰ বইটামাৰী শিক্ষা খণ্ডৰ আন্তৰ্গত যোগীঘোপাৰ চলন্তাপাৰা নৱজ্যোতি প্ৰাথমিক বিদ্যালয়খনৰ জৰাজীৰ্ণ গৃহ আৰু এটা কোঠাতে ৫টা কৈ শ্ৰেণীৰ পাঠদান কৰিব লগীয়া হয়। কেতিয়াবা এটা চালিৰ তলত আৰু কেতিয়াবা গছৰ তলত পাঠদান কৰিবলগীয়া হয়। এইদৰে চলি আছে অসমৰ শিক্ষা ব্যৱস্থা ।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।