মাৰ্ঘেৰিটাঃ উজনি অসমৰ বনাঞ্চলসমূহত প্ৰতিদিনে বৃদ্ধি পাবলৈ ধৰিছে বনাঞ্চলৰ ধ্বংসকাৰ্য৷ বহিঃৰাজ্যলৈ সংগোপনে সৰবৰাহ হৈ আছে বহু মূল্যবান বনজ সম্পদ৷ অসম অৰুণাচল সীমান্তৰ ডিগবৈ বন সংমণ্ডলৰ অধিনৰ জাগুন বনাঞ্চলিক কাৰ্যালয়ৰ এলেকাধিন টিংকুপানী বনাঞ্চলত একাংশ বন দুষ্কৃতিকাৰীয়ে এতিয়া বন বিভাগৰ অজ্ঞাতে ধাৰাবাহিকভাৱে অব্যাহত ৰাখিছে বনাঞ্চলৰ ধ্বংসকাৰ্য৷
শুকুৰবাৰে জাগুন বন বিষয়া কাৰ্যালয়ত অন্তৰ্গত জাগুন নামচিক পথৰ টিংকুপানী বনাঞ্চলৰ কাষত বন বিভাগে অভিযান চলাই এখন চোৰাং কাঠভৰ্তি মেক্স বলেৰ’ গাড়ী জব্দ কৰিবলৈ সক্ষম হয়৷ এ এছ ২৩ জি ১৮৩৫ নম্বৰৰ মেক্স বলেৰ পিকআপ গাড়ীখনত বন বিভাগে বহু পৰিমাণৰ চোৰাং কাঠ সৰবৰাহ কৰিবলৈ লওতেই হাতে লুটে ধৰা পেলায়৷
বন বিভাগৰ লোকক প্ৰত্যক্ষ কৰাৰ পাছতেই চোৰাং কাঠ সৰবৰাহকাৰী দলটো ঘটনাস্থলীৰ পৰা পলায়ন কৰে৷ উল্লেখ যে ডিগবৈ বন সংমণ্ডল প্ৰাধিকাৰী বিপুল বৰাৰ চূড়ান্ত অকৰ্মণ্যতা আৰু একাংশ চোৰং কাঠ মাফিয়াৰে গোপন অংকৰ বুজা বুজিৰ বাবে সমগ্ৰ ডিগবৈ বন সংমণ্ডলত অৰাজকতাৰ সৃষ্টি হোৱাৰ অভিযোগ উত্থাপন হৈছে।