ধিংঃ নগাওঁ জিলাৰ ধিঙৰ ধুপগুৰি পথাৰৰ এগৰাকী মহিলা স্বাস্থ্য কৰ্মীৰ বিৰুদ্ধে ধিং আৰক্ষী থানাত এজাহাৰ দাখিল। পিতৃ খলিলুৰ ৰহমান আৰু মাতৃ মৰজিনা খাতুনৰ একমাত্ৰ কন্যা সন্তানটোক যোৱা ১৭ আগষ্ট তাৰিখে ওচৰৰে এটি অঙ্গনৱাড়ী কেন্দ্ৰত এগৰাকী স্বাস্থ্য কৰ্মীয়ে দিছিল 'ৰুবেলা' ভেকচিন। ভেকচিন দিয়াৰ পিছতেই শিশুটোৰ গাত আৰম্ভ হয় অতিপাত জ্বৰ।
সংকটজনক অৱস্থাত পৰিয়ালৰ লোকে ভৰ্তি কৰায় নগাঁৱৰ এখন ব্যক্তিগত নাৰ্চিংহোমত। কিন্তু শিশুটোৰ স্বাস্থ্যৰ অধিক অৱনতি ঘটিবলৈ ধৰাত চিকিৎসকে প্ৰেৰণ কৰে গুৱাহাটীলৈ। ২১ আগষ্টৰ পৰাই গুৱাহাটীৰ প্ৰতীক্ষা চিকিৎসালয়ৰ আই চি ইউত চিকিৎসাধীন হৈ থকা কণমানি জনীয়ে মৃত্যুৰ সৈতে যুজিঁ যুজিঁ অৱশেষত শুক্ৰবাৰে সন্ধিয়া ৫:৩৫ বজাত হাৰ মানিলে। পৰিয়ালৰ লোকৰ গুৰুতৰ অভিযোগ, চৰকাৰী ভেকচিন 'ৰুবেলা'ই প্ৰাণ ললে এই দহ মহীয়া কণমানি মাৰিয়াৰ।
স্বাস্থ্য কৰ্মীয়ে ভুলকৈ অন্য ভেকচিন দিয়াৰো সন্দেহ প্ৰকাশ পৰিয়ালটোৰ। ধিং আৰক্ষী থানাত অভিযোগ দাখিল স্বাস্থ্য কৰ্মী মুফছিনা বেগমৰ বিৰুদ্ধে। শিশুটোৰ মৃতদেহ আহি ঘৰ পোৱাৰ পাছতেই উপস্থিত হল ধিং আৰক্ষী। মৰণোত্তৰ পৰীক্ষাৰ বাবে যাৱতীয় ব্যৱস্থা কৰি পঠিওৱা হল নগাঁৱলৈ। পুনৰ এনেদৰে লৈ যোৱা হল নগাঁৱলৈ।
কি কাৰণত এনে ঘটনা সংঘটিত হৈছে সেয়া মৰণোত্তৰ পৰীক্ষাৰ পাছতহে স্পষ্ট হ’ব বুলি পৰিয়ালৰ লোক আশাবাদী। এতিয়া মূল কথাটো হল- এই সকলে 'ৰুবেলা' ভেকচিনক লৈ কৰা অভিযোগ যদি সঁচা হয় তেন্তে আপোনাৰ শিশুটিক চৰকাৰী ভেকচিন দিওঁতে দহবাৰ ভাৱক। হয়তু চৰকাৰী ভেকচিনে আপোনাৰ সন্তানটোক সুস্থ কৰি ৰখাৰ বিপৰীতে কাৰোবাৰ ভুলৰ বাবে হ’ব পাৰে অসুস্থ।
আপোনাৰ সপোন চূড়মাৰ কৰিব পাৰে মাথোঁ এটা ভেকচিন তথা স্বাস্থ্য কৰ্মীৰ ভুলে। পিছে এয়া ভেকচিনৰ কোনো পাৰ্শ্বক্ৰিয়া নে আন কিবা বেমাৰ সেয়া মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদনতহে স্পষ্ট হব ।