খাৰুপেটিয়াঃ দৰঙৰ খাৰুপেটিয়াৰ বিভিন্ন অঞ্চলত বৃদ্ধি পোৱা অসামাজিক কাৰ্যকলাপৰ বিৰুদ্ধে ওলাই আহিল ছাত্র-ছাত্ৰীৰ লগতে সচেতন ৰাইজ। জিলাখনৰ খাৰুপেটীয়াৰ পশ্চিম কামাৰপাৰাত বৃদ্ধি পোৱা বিভিন্ন অসামাজিক কাৰ্যকলাপসমূহ বন্ধ কৰাৰ দাবীত পশ্চিম কামাৰপাৰা সমাজ কল্যাণ আৰু দুৰ্নীতি নিবাৰক মঞ্চৰ উদোগত আজি উলিওৱা হয় এক প্ৰতিবাদী সমদল। সমদলত কণ কণ ছাত্ৰ-ছাত্ৰীৰ পৰা আৰম্ভ কৰি অঞ্চলটোৰ পুৰুষ-মহিলাই মদ, ভাং খোৱা বন্ধ কৰক, তীৰ-জুৱা বন্ধ কৰক, ঘোচ খোৱা বন্ধ কৰক, সামাজিক পৰিৱেশ বিনষ্ট কৰা নচলিব আদি শ্ল’গানেৰে উত্তাল কৰে খাৰুপেটীয়াৰ পশ্চিম কামাৰপাৰা চক।
প্ৰতিবাদী সমদলত অঞ্চলটোৰ তিনি শতাধিক পুৰুষ মহিলাৰ লগতে আমছুৰ কেন্দ্ৰীয় সমিতিৰ কাৰ্যকৰী সভাপতি আইনুদ্দিন আহমেদে কয় যে ধুলা, খাৰুপেটিয়া, দলগাঁও আৰু শ্যামপুৰ আৰক্ষী থানাৰ অন্তৰ্গত গাঁওসমূহত চলি থকা অসামাজিক কামসমূহ বৃদ্ধি হোৱাত সমাজত বিভিন্ন ধৰণৰ অসামাজিক কাৰ্যকলাপ বৃদ্ধি পাবলৈ ধৰিছে।
আনহাতে এক বিবৃতিযোগে ইত্তেহাদ ফ্ৰণ্ট অসম ৰাজ্যিক সমিতিৰ সাধাৰণ সম্পাদক নুৰ ইছ্লামে অভিযোগ উত্থাপন কৰি কয় যে বিভিন্ন প্ৰতিবাদী কাৰ্যসূচীৰ জৰিয়তে তীৰ, জুৱা, ডাব্বু আদি বন্ধ কৰাৰ দাবী জনোৱাৰ পিছতো দৰঙ আৰক্ষী প্ৰশাসনে কোনো ব্যৱস্থা গ্ৰহণ কৰা পৰিলক্ষিত হোৱা নাই যাৰ ফলত এচাম অসাধু চক্ৰই দিনে নিশাই তীৰ, জুৱা, ডাব্বুৰ ৰমৰমীয়া ব্যৱসায় চলাই আহিছে।ফলত অসামাজিক কাৰ্য্যকলাপ বৃদ্ধি পোৱাৰ লগতে শৈক্ষিক, সামাজিক পৰিবেশ বিনষ্ট হোৱা পৰিলক্ষিত হৈছে। সেয়েহে সাধাৰণ সম্পাদক নুৰ ইছ্লামে দৰং আৰক্ষী প্ৰশাসনক তীৰ, জুৱা, ডাব্বু আদিৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণৰ দাবী জনাইছে।