শিৱসাগৰঃ বৰ্তমান সময়ত সহজ সৰল অসমীয়া মানুহ ঠগ প্ৰৱঞ্চক দলৰ লক্ষ্য হৈ পৰিছে। বিভিন্ন সময়ত ইণ্টাৰনেট বেংকিং, এটিএমৰ নম্বৰ লৈ প্ৰৱঞ্চনাৰে লাখ লাখ টকা লুটি আহিছে এই প্ৰৱঞ্চকৰ দলে। শেহতীয়া ভাৱে শিৱসাগৰৰ বিভিন্ন হোটেল ৰেষ্টোৰেণ্টত এনেদৰে প্ৰৱঞ্চনাৰে ধন লুটৰ ঘটনা পোহৰলৈ আহিছে। মানুহক সহজে বিশ্বাসত ল’বলৈ ব্যৱহাৰ কৰিছে ভাৰতীয় সেনাৰ নাম, সেনাৰ পৰিচয় পত্ৰ। যাক লৈ এতিয়া সৰ্বত্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে।
ঘটনাৰ বিৱৰণী মতে শিৱসাগৰ চহৰৰ মাজমজিয়াস্থিত দ'লমুখ চাৰিআলিত থকা 'দা ব্ৰহ্মপুত্ৰ ৰেষ্টুৰেণ্ট' নামৰ বিলাসী হোটেলখনত কৰ্মৰত পৰিচালক কুঞ্জন জ্যোতি নেওগৰ পৰা প্ৰৱঞ্চকে তেওঁৰ বেংক একাউণ্টৰ পৰা ধন লুটি নিয়ে। হোটেলৰ কৰ্মচাৰীজনে জনোৱা মতে ২০ আগষ্টৰ দিনা ৰাতি প্ৰায় ৮.৪৫ বজাত হোটেলৰ লেণ্ডলাইন ফোনলৈ 9126354166 নম্বৰৰ পৰা নিজকে সেনাবাহিনীৰ বিষয়া বুলি পৰিচয় দি প্ৰায় ৪৯০০ টকাৰ খাদ্য সামগ্ৰী সোনকালে পেকিং কৰিবলৈ আদেশ দিয়ে।
১০ মিনিটৰ ভিতৰত তেওঁৰ মানুহ আহি হোটেলৰ পৰা পেকিং কৰা খাদ্য সামগ্ৰীসমূহ লৈ যাব বুলি কয়। বিলৰ ধন অনলাইনত প্ৰেৰণ কৰিবৰ বাবে হোটেলৰ কৰ্মচাৰীজনৰ এচ বি আইৰ এটিএমৰ নম্বৰ বিচাৰে। নিজকে সৈন্যবাহিনীৰ বিষয়া বুলি পৰিচয় দিয়া ব্যক্তিজনে সেনাবাহিনীৰ পৰিচয় পত্ৰকে ধৰি বহু তথ্যপাতি প্ৰদৰ্শন কৰাত হোটেলৰ কৰ্মচাৰীজনে তেওঁৰ এটিএম কাৰ্ডৰ ক্ৰমিক নম্বৰটো ব্যক্তিজনক প্ৰদান কৰে।
কিছু সময়ৰ পিছতেই সেই প্ৰৱঞ্চক ব্যক্তিজনে হোটেল কৰ্মচাৰীজনৰ শিৱসাগৰ কলনিৰ এচবিআই শাখাৰ একাউণ্টৰ পৰা ৬৫০০ টকা উলিয়াই লৈ যায় আৰু তেওঁ অৰ্ডাৰ দিয়া খাদ্য নিবলৈ কোনো হোটেললৈ নাহে। অৱশেষত ভুক্তভোগী কৰ্মচাৰীজনে শিৱসাগৰ থানাত এজাহাৰ দাখিল কৰিছে। একে ঘটনা শিৱসাগৰ জিলা ASTC বাছ স্থানত থকা ভ্লেভাৰ্জ নামৰ ৰেষ্টুৰেণ্টখনতো সংঘটিত হয়৷
একেজন প্ৰৱঞ্চকৰ বলি হ’বলগীয়া হয় প্ৰতিষ্ঠানখনৰ পৰিচালক অভিজিৎ শৰ্মা৷ অনুৰূপ পন্থাৰে শিৱসাগৰৰ বহুকেইখন হোটেল ৰেষ্টুৰেণ্টৰ পৰা প্ৰৱঞ্চনাৰে ধন লুট কৰাৰ ঘটনা পোহৰলৈ আহিছে। শিৱসাগৰ আৰক্ষীয়ে ঘটনাৰতদন্ত আৰম্ভ কৰিছে। এনে ধৰণৰ ঠগ প্ৰৱঞ্চকৰ পৰা সাৱধান হ’বলৈ সাধাৰণ জনতাক আহ্বান জনাইছে আৰক্ষীয়ে।