মৰিগাঁওঃ স্বামী বিবেকানন্দ চেতনা মঞ্চ, মৰিগাঁও জিলা সমিতিৰ উদ্যোগত বিশ্ব হিন্দু পৰিষদ, ৰাষ্ট্ৰীয় স্বয়ং সেৱক সংঘ, অখিল ভাৰতী বিদ্যাথী পৰিষদ, সংস্কাৰ ভাৰতীয়, হিন্দু জাগৰণ মঞ্চ, কৃষ্ণ গোকুলম, টাইড ট্ৰাষ্ট, শংকৰদেৱ বিদ্যানিকেতনকে ধৰি বহুকেইটা হিন্দু সংগঠনৰ উদ্যোগত শ্ৰীকৃষ্ণৰ জন্মাষ্টমী পালন কৰা হয়।
২৪ আগষ্টত মৰিগাঁও তৰুণ ৰাম খেলপথাৰত একে সময়তে একেলগে পাঁচ হাজাৰ শিশু কৃষ্ণই প্ৰদৰ্শন কৰিলে শ্ৰী শ্ৰী কৃষ্ণ নৃত্য। বিশেষকৈ মাধৱদেব বিৰচিত নাচ গোপাল গোৱালী পাৰাতে নাচ শীৰ্ষক বৰগীতত পৰিবেশন কৰে এই নৃত্য। মৰিগাঁও বিধায়ক তথা মীন অধ্যক্ষ ৰমাকান্ত দেউৰীয়ে আঁত ধৰা এই অনুষ্ঠানটোৰ জৰিয়তে শিশু কৃষ্ণৰ নৃত্যৰে বিশ্ব অভিলেখ গঢ়ি বিৰল সন্মান জিলাখনলৈ কঢ়িয়াই আনিবলৈ সক্ষম হয়।
এই বিশ্ব অভিলেখ গঢ়াৰ অনুষ্ঠানত অংশগ্ৰহণ কৰে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল, আৰ এছ এছৰ অসম ক্ষেত্ৰৰ সহক্ষেত্ৰ প্ৰচাৰক বশিষ্ঠ বুজৰ বৰুৱা, অসম চৰকাৰৰ মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰী, পিযুষ হাজৰিকা, মৰিগাঁও বিধায়ক ৰমাকান্ত দেউৰী, বটদ্ৰৱা বিধায়িকা আঙুৰলতা ডেকাৰ লগতে বহুকেইজন সত্ৰাধিকাৰ, মধ্য অসমৰ প্ৰতীকী ৰজা, ৰাজপৰিষদকে ধৰি বহু বিশিষ্ট ব্যক্তি।