নলবাৰীঃ দুকুৰি তিনি বছৰত ভৰি দিয়া 'সেউজী সেউজী' কাব্যালোচনীৰ বঁটা প্ৰদান, গ্ৰন্থ উন্মোচনী সভা আৰু 'সেউজী সেউজী'ৰ কটন নবীন বিশেষ সংখ্যা উন্মোচনী অনুষ্ঠান শনিবাৰে সন্ধিয়া নলবাৰীৰ নাট্যমন্দিৰত অনুষ্ঠিত হয়৷ উক্ত অনুষ্ঠানত সেউজী সেউজী বঁটা ২০১৮ প্ৰদান কৰা হয় কবি গংগামোহন মিলিক। একেলগে 'পাগলাদিয়া বঁটা ২০১৮' প্ৰদান কৰা হয় কবি দ্বিজেন কুমাৰ দাসক। অনুষ্ঠানটো উদ্বোধন কৰে নলবাৰীৰ উপায়ুক্ত ভাৰত ভূষণ দেৱ চৌধুৰীয়ে৷
উদ্বোধন কৰি দিয়া ভাষণত উপায়ুক্ত দেৱ চৌধুৰীয়ে কয় যে কবিতা আচলতে ভাবৰ বুৰবুৰণি৷ কবিতাৰ পৰিৱেশ পুনৰ ঘূৰি অহা বুলি উল্লেখ কৰি কবি সকলৰ হৃদয় প্ৰকৃতিৰ দৰে বুলি মন্তব্য কৰে৷ কৈশোৰ কালতে নিজেও কবিতাৰ ক্ষেত্ৰখনত খোজ দিয়াৰ কথা ব্যক্ত কৰি কবিতাৰ এনে অনুষ্ঠানত নৱ প্ৰজন্ম ভালকৈ জৰিত নোহোৱাটোত আক্ষেপ প্ৰকাশ কৰি নৱ প্ৰজন্মক আকৰ্ষিত কৰাত জ্যেষ্ঠ সকল ব্যৰ্থ হৈছে নেকি বুলিও তাৎপৰ্যপূৰ্ণ প্ৰশ্ন উত্থাপন কৰে৷
উক্ত অনুষ্ঠানতে সেউজী সেউজীৰ কটন নবীন বিশেষ সংখ্যা উন্মোচন কৰে সাহিত্যাচাৰ্য ডঃ বসন্ত কুমাৰ ভট্টাচাৰ্যই। উন্মোচন কৰি দিয়া ভাষণত ডঃ ভট্টাচাৰ্যই নলবাৰীৰ নানকাৰ ভয়ৰাক পৰিচয় দাঙি ধৰিছে বুলি মন্তব্য কৰে৷ বিশিষ্ট সাহিত্যিক গৰাকীয়ে ভাষণ প্ৰসংগত শব্দৰ মৃত্যু নাই আৰু শব্দ বৈ থাকে বুলি কৈ কবিতা মানুহৰ সন্তান আৰু মানুহ কবিতাৰ সন্তান বুলি মন্তব্য কৰে৷ অনুষ্ঠানটোত বিশিষ্ট কবি মঞ্জু দেৱী পেগু, ডঃ ধ্ৰুৱজ্যোতি দাস, ৰূপজ্যোতি কলিতা, পৱন ঠাকুৰীয়া আৰু 'অসমবাণী' কাকতৰ সম্পাদক দিলীপ চন্দন আদি উপস্থিত থাকে।
গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানটোত 'সেউজী সেউজী'য়ে প্ৰকাশ কৰি উলিওৱা বিশিষ্ট কবি পংকজ গোবিন্দ মেধিৰ 'পৰগামী চহৰ', কবি শান্তনু শৰ্মাৰ 'এই স্বপ্ন- বিষাদ গাঁথা তোমাৰ বাবে', নবীন কবি প্ৰণৱ খাজৰাৰ 'ৰঙা এটি বেলি', ৰুণুমী বৰ্মনৰ 'এই যুগ আস্থাহীনতাৰ যুগ' আৰু ১৯৭৬, ৭৭ আৰু ৭৮ এই তিনি বৰ্ষৰ 'সেউজী সেউজী'ৰ প্ৰকাশিত আটাইবোৰ কবিতাৰ সংকলন উন্মোচন কৰা হয়৷