ঢকুৱাখনাত মহাপুৰুষীয়া নাট-খঁৰা বৰুৱা ভা‌ওনা, নন্দোৎসৱ আৰু বোকা ভাওনা

 08/25/2019 - 15:04

ঢকুৱাখনাঃ জন্মাষ্টমী উপলক্ষে ঢকুৱাখনাৰ ঐতিহ্যমণ্ডিত মাজ-জালভাৰী চৈধ্য-প্ৰসংগীয়া মহাপুৰুষীয়া নামঘ‌ৰত উখল মাখল পৰিৱেশৰ মাজত ৩০০ বছৰীয়া বিৰল পৰম্পৰা মহাপুৰুষীয়া কৃষ্টিৰে শনিবাৰৰ আবেলিৰে পৰা বৰগায়ন প্ৰভাত কলিতা আৰু বৰবায়ন লুহিত দত্তৰ নেতৃত্বত দুৰ্লভ আৰু আপুৰুগীয়া বিৰল মহাপুৰুষীয়া নাট-খঁৰা বৰুৱা ভা‌ওনা, নন্দোৎসৱ আৰু বোকা ভাওনা অনুষ্ঠিত কৰা হয়।

গোপাল আতাই প্ৰতিষ্ঠা কৰা এই পৰম্পৰা নজহা নপমাকৈ যোৱা ৩০০ বছৰো অধিক কাল গাঁওবাসীয়ে উদযাপন কৰি আহিছে। গাঁৱৰ ডেকা গাভৰু বুঢ়া মেঠা কণ কণ শিশুসকলৰ সতে সকলোৰে এই পৰম্পৰা ধৰি ৰাখিছে। এই পৰম্পৰাগত কৃষ্টি উপভোগ কৰিবলৈ বিভিন্ন প্ৰান্তৰ অগণন ৰাইজ সমবেত হৈ উদুলি মুদুলি পৰিবেশ সৃষ্টি কৰে। মন কৰিব লগীয়া যে পষেকীয়া এই জন্মাষ্টমী উৎসৱ পাচতি আৰু কংস বধ অংকীয়া নাটেৰে সামৰণি পৰিব।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।